*ঢকুৱাখনাৰ নৰহত্যাকাৰী বাহন উদ্ধাৰ- পলাতক ঘাটক*
ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা পঞ্চায়তৰ যোগীসুঁতি গাঁওৰ নিৰীহ ব্যক্তি মাখন দলেৰ হত্যাকাৰীৰ সন্ধান ওলাল। গাঁওখনৰ নৰেন্দ্ৰ পেগুৱে বিশ্বকৰ্মা পূজাৰ নিশা নিজৰ গাড়ীৰে নিৰ্মম ভাবে খুন্দিয়াই মৃত্যু ঘটাইছিল মাখন দলেক। পৰৱৰ্তী সময়ত তীব্ৰ বেগে পলায়ন কৰি আত্মগোপন কৰিছিল এইগৰাকী ঘাটকে । ঢকুৱাখনা আৰক্ষীৰ তদন্তৰ কালত এই প্ৰাথমিক তথ্য পোহৰলৈ আহিছে। ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নিখুঁত তদন্তৰ অন্তত বুধবাৰে ঘটনা সংঘটিত কৰা বাহনখন লখিমপুৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা আৰক্ষী বিষয়া গৰাকীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু ঘাটক চালক নৰেন্দ্ৰ পেগুৱে আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত
গোচৰ (নং-১১২/২০২৩)ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৩৩৮/৩০৪ (এ) আইনৰ অধীনত এক গোচৰৰ ভিত্তিত তদন্তকাৰী আৰক্ষী বিষয়াই ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে বিশ্বকৰ্মা পূজাৰ নিশা প্ৰায় ৮-৩০ বজাত নৱ নিৰ্মিত ব্ৰহ্মপুত্ৰ মথাউৰীৰ ওপৰৰ পকী পথেৰে মাখন দলে নিজৰ চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত এই এ এছ ০৭ ইউ /২৫৭৬ নম্বৰৰ মাৰুটি ব্ৰীজা গাড়ীখনে প্ৰচণ্ড বেগত খুন্দিয়াই গুৰুতৰ ভাবে জখম কৰি পলায়ন কৰিছিল । স্থানীয় প্ৰত্যক্ষদৰ্শী ৰাইজে গাড়ীৰ বিৱৰণ আৰু ক্ষয় ক্ষতি সন্দৰ্ভত খানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাত বিষয়াজনে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লখিমপুৰ চহৰৰ "গ্ৰীণ লেণ্ড ৱৰ্কছপ"ৰ পৰা বুধবাৰে ক্ষতিগ্ৰস্ত গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে "গ্ৰীণ লেণ্ড ৱৰ্কছপ"ৰ "ক্লজ চাৰ্কিত কেমেৰা"ৰ ফুটেজ পৰীক্ষা কালত ক্ষতিগ্ৰস্ত বাহনখন পাছদিনা নৰেন্দ্ৰ পেগুৱে নিজে জমা দি অহাৰ প্ৰমাণ লাভ কৰিছে । গাড়ীখন গোপনে ৰাখি ঘাটক নৰেন্দ্ৰ পেগুৱে তেতিয়াৰ পৰা আত্মগোপন কৰি আৰক্ষীৰ চকুত ধূলি দি থকালৈ চাই পেগুৱেই এই কাণ্ড সংঘটিত কৰাৰ আশংকা কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে উক্তদিনা ঘটনা সংঘটিত কৰাৰ সময়ত আৰু এগৰাকী আৰোহী গাড়ীত আছিল । আৰক্ষীয়ে এইগৰাকী আৰোহীৰ সন্ধানত নামি পৰিছে ।উক্ত নিৰ্মম ঘটনা সংঘটিত কৰাৰ পাছত আৰক্ষীক অৱগত নকৰা আৰু তদন্ত প্ৰক্ৰিয়াত সহযোগিতা নকৰি পলাতক হৈ থকা এইগৰাকী ঘাটক নৰেন্দ্ৰ পেগু ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী। ঢকুৱাখনা উপ ডাকঘৰৰ অন্তৰ্গত কংকান চাপৰি শাখা ডাকঘৰৰ "ব্রান্স পোষ্ট মাষ্টৰ" হিচাবে কৰ্মৰত এইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ পাছত প্ৰকৃত তথ্য পোহৰলৈ আহিব ।