ৰহা মহাবিদ্যালয় প্ৰেক্ষাগৃহ ত আজিৰ পৰা দহ দিনীয়া যোগ কৰ্মশালা ৰ শুভাৰম্ভ হয়।
ৰহা মহাবিদ্যালয় অৰ্থশাস্ত্ৰ আৰু হিষ্ট্ৰী বিভাগৰ উদ্যাগত তথা প্ৰাক্তন শিক্ষাৰ্থী এচোচিয়েচন ৰ সহযোগত আজিৰ পৰা দহ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা যোগ প্ৰনায়াম প্ৰশিক্ষণ ৰ শুভাৰম্ভ ৰহা মহাবিদ্যালয় ৰ উপাধ্যক্ষা মনিকা দাসে বন্তি প্ৰজ্বলন কৰে।প্ৰশিক্ষন শিবিৰত ৰহা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ তথা যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতীয়ে ছাত্ৰ ছাত্ৰীক যোগ প্ৰনায়ামৰ প্ৰশিক্ষণ দিয়ে।
মহাবিদ্যালয় ৰ ৬০ জন ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লোবা কৰ্মশালাত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, উপধ্যক্ষা মনিকা দাস, প্ৰশিক্ষণ কৰ্মশালা ৰ সমন্বয়ক উওম দাস,হিষ্ট্ৰী বিভাগৰ মুৰব্বী মৃনাল শৰ্মা,ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী মৃদুল কুমাৰ শৰ্মা,সংস্কৃত বিভাগৰ মুৰব্বী ড° দিজেন শৰ্মা,হিন্দী বিভাগৰ মুৰব্বী অশোক কুমাৰ সিং,প্ৰবক্তা কৃষ্ণা হাজৰিকা, লক্ষী প্ৰসাদ মেদক,বিৰাজ হাজৰিকা, বলোৰাম নাথ,মনালিছা ভাৰতী,ড° মঞ্জুশ্ৰী বৰা সহ মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।