ঢকুৱাখনাত প্ৰসাদত বিষক্ৰিয়া

আক্ৰান্ত প্ৰায় ১০৮ গৰাকী

ঢকুৱাখনা মহকুমাৰ ১নং থেকেৰাগুৰী গাঁওত ভদিয়া নামৰ প্ৰসাদ খাই যোৱা কালি অসুস্থ গঞা। আক্ৰান্ত সকলক  ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । চিকিৎসালয়ৰ ৫ গৰাকী চিকিৎসকে নিৰন্তৰ ভাবে চলাইছে চিকিৎসা সেৱা।

 ঘটনাৰ বুজ লবলৈ লখিমপুৰ জিলা আয়ুক্ত শোণিত স্বত্বৱান ,ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা চিকিৎসালয়ত উপস্থিত হৈ  চিকিৎদা ব্যৱস্থাৰ তদাৰক কৰে। লগতে  খাদ্য বিষক্ৰিয়া সন্দৰ্ভত এক তদন্ত কৰাৰ আশ্বাস দিয়ে  জিলা আয়ুক্তই ।

 । ।