ৰহা ফুলগুৰি নিবাসী, বিশিষ্ট কবি,নাট্যকাৰ তথা বিষয় শিক্ষক বিপুল চন্দ্ৰ কলিতাৰ নৱতম কবিতা সংকলন "দলঙাৰ মাছ" আজি উন্মোচন হয়।

     ৰহা চাপৰমুখ বি.বি.হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ সভা কক্ষত শিক্ষক, কৰ্মচাৰী গোটৰ সৌজন্যত অনুষ্ঠিত হোবা গ্ৰন্থ উন্মোচন সভাৰ শুভাৰম্ভ বৰগীত পৰিবেশন আৰু নগাঁও জিলা অধিবিদ্যা পৰিষদ ৰ কাৰ্যকৰি সভাপতি নিকুঞ্জমোহন কলিতাই বন্তি প্ৰজ্বলন কৰি কৰাৰ পাছত এম.বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত,সুভাষ নাথ ৰ উদ্দেশ্যে ব্যাখ্যা আৰু বি.বি.হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষা মালাৰানী বৰাৰ আদৰনী ভাষনেৰে আৰম্ভ হোবা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট কবি,নাট্যকাৰ তথা বি.বি.হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ বিষয় শিক্ষক বিপুল চন্দ্ৰ কলিতাৰ নৱতম কবিতা সংকলন "দলঙাৰ মাছ"উন্মোচন কৰে বটদ্ৰবা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয় ৰ অধ্যাপক ড° ত্ৰিদিপ গোস্বামীয়ে।

   সমবেত সংগীতেৰে মুখৰিত হোবা গ্ৰন্থ উন্মোচন সভাত কুবৰীটুল উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ অম্লান গোস্বামীয়ে মুখ্য অতিথি ৰ ভাষন ৰখাৰ লগতে সভাত বিশিষ্ট অতিথি ৰূপে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা, বিজয়া গগৈ, বিশিষ্ট কৃষি বিজ্ঞানী ড° দিনেশ হাজৰিকা, ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা দ্বিপ্তী দেবী শৰ্মা,বিশিষ্ট শিক্ষাবিদ তথা লেখিকা বিনু লস্কৰ ঠাকুৰিয়া,বাৰহপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ কুমুদ বৰদলৈ, মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ বিষয় শিক্ষক প্ৰগীপ কুমাৰ গোস্বামী, পূৰনিগুদাম ৰাধাকান্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ বিষয় শিক্ষয়ত্ৰী প্ৰহেলিকা কৌশিক,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা সহ বি. বি.হানচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী,কৰ্মচাৰী, ছাত্ৰ, ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।