ৰাজ্যত পুনৰ ম'ৰেল পুলিচিঙৰ ঘটনা ।

এইবাৰ ঢকুৱাখনাত ম'ৰেল পুলিচৰ তাণ্ডৱ।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জিয়ামৰীয়াত সংঘটিত হৈছে ম'ৰেল পুলিচিঙৰ ঘটনাl 

চোৰৰ সন্দেহত জিয়ামৰীয়া গাঁৱৰ এজন ব্যক্তিক একে l

গাঁৱৰে কেইজনমান যুৱকে হাত-ভৰি বান্ধি লাঠিৰে উপৰ্যুপৰি নিৰ্মম প্ৰহাৰ কৰি পেলাই থৈ যায় ৰাজপথত।

পৰৱৰ্তী সময়ত স্থানীয় লোকে সংকটজনক অৱস্থাত বগা কোচ নামৰ ব্যক্তিজনক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ব্যক্তিজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।চিঙৰ ঘটনা।