ৰহা ফুলগুৰি পশ্চিম শালমৰা ত আজিৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচী ৰে শ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ হয়।

      ৰহা ফুলগুৰি পশ্চিম শালমৰা কেন্দুগুৰি শিলগোসাঁই সাৰ্বজনীন দৌল মন্দিৰ ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে পশ্চিম শালমৰা, পূব সৰাগাঁও,ববৰাআটি সাৰ্বজনীন দৌল মন্দিৰ সমিতিৰ উদ্যোগত আৰু সমুহ অঞ্চলৰ ভক্তপ্ৰান ৰাইজৰ সহযোগত আজি পূবা সমাজকৰ্মী, শিক্ষক নৱ কুমাৰ হীৰা দ্বাৰা বন্তি প্ৰজ্বলন আৰু সমাজকৰ্মী, লেখক,শিক্ষক লক্ষী প্ৰসাদ ডেকা ৰ দ্বাৰা ধৰ্ম ধ্বজা উওোলন কৰি শ্ৰীমদ্ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হয়।কাৰ্য্যসূচীৰ প্ৰথম দিনা ৯চেপ্তেম্বৰৰ সন্ধ্যা শৰাই ভাগ স্থাপন ৰ পাছত গুণমালা কীৰ্তন আৰু নিশা ভক্তপ্ৰান ৰাইজৰ সহযোগত নাম প্ৰসঙ্গ অনুষ্ঠিত হৈ যায়।

ধৰ্মধ্বজা উওোলন ত দৌল মন্দিৰ সমিতিৰ সভাপতি কমলেশ্বৰ পাতৰ.সম্পাদক অপূৰ্ব পাতৰ সহ দৌল মন্দিৰ সমিতিৰ বিষয় ববীয়া আৰু অঞ্চলৰ ভক্তপ্ৰান পুৰুষ, মহিলা,যুৱক, যুৱতী উপস্থিত থাকি সমস্ত ক্ষেত্ৰ হৰি নামেৰে ভক্তিময় কৰি তুলে।

     শ্ৰীমদ্ভাগৱত পাঠৰ অন্তিম দিন ১১ চেপ্তেম্বৰ ৰ পূবা ১০বজাত শ্ৰীমদ্ভাগৱত পাঠৰ সামৰনি আৰু ভকিতপ্ৰান ৰাইজৰ দ্বাৰা নাম প্ৰসঙ্গ অনুষ্ঠিত হব।বিয়লী ২বজাত ধৰ্মধ্বজা অৱতৰন আৰু ভকত বিদায় কৰা হব।