ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত চাৰিকঢ়িয়া নদীৰ পানী যুঁৱলীত শনিবাৰে এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়। প্ৰত্যক্ষদৰ্শী ৰাইজে শনিবাৰে পুৱা মৃতদেহতো প্ৰত্যক্ষ কৰি ঢকুৱাখনা সদৰ থানাত অৱগত কৰে। ঢকুৱাখনা আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰতশাল প্ৰস্তুত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। আৰক্ষীয়ে মৃতদেহটো কৈলাশ নাথ বুলি চিনাক্ত কৰিছে। ঘটনাৰ বিবৰণী মতে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বালি গাঁওস্থিত নিজা বাসগৃহৰ পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন। কিছু দিন ধৰি প্ৰবল মানসিক অৱসাদত ভুগি ব্যক্তিজনে অত্যাধিক সুৰা পান কৰি উক্তদিনা ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল । আৰক্ষী আৰু পৰিয়ালৰ অশেষ সন্ধানৰ অন্তত বিগত ৪ টা দিনৰ পাছত নদীৰ পানী যুঁৱলীৰ পৰা অৰ্ধগলিত অৱস্থাত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেহত কোনো আঘাতৰ চিহ্ন প্ৰত্যক্ষ নকৰা আৰু ডিঙিত এখন গামোচাৰ গাঁঠি প্ৰত্যক্ষ কৰি এয়া এক আত্মহত্যাৰ ঘটনা বুলি আশংকা কৰা হৈছে । ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SAIL selects mjPRO from mjunction for all project buys
Bangalore : In order to support its project procurement, SAIL today signed a contract with...
भाद्रपद शुक्ल अष्टमी पर अरणा माता का मेला आयोजित, उमड़ा श्रद्धालुओं का सैलाब
भाद्रपद शुक्ल अष्टमी पर अरणा माता का मेला आयोजित, उमड़ा श्रद्धालुओं का सैलाब
मेला भोपे के गाल...
વડાપ્રધાન નરેન્દ્ર મોદીના માતા હીરાબેન મોદીનું 100 વર્ષની વયે નિધન
વડાપ્રધાન નરેન્દ્ર મોદીના માતા હીરાબેન મોદીનું 100 વર્ષની વયે નિધન