-এন এইচ পি চিৰ ঘন জংঘলত কিশোৰীক গণ ধৰ্ষণ , ফুৰিবলৈ যোৱাৰ প্ৰলোভনেৰে এন এইচ পি চিৰ ঠিকাদাৰ-কৰ্মচাৰীৰে গোগামুখৰ দুই কিশোৰীক গণ ধৰ্ষণ। দুজনক আটক। 

ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মহৰখুটিত দেওবাৰে বিয়লি গোগামুখ কমলপুৰৰ দুই কিশোৰী গণ ধৰ্ষণৰ বলি হোৱাৰ ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে। জানিব পৰা মতে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কমলপুৰৰ চুমকি গগৈ ১৪ দিপিকা চমুৱা ১৩ দুই কিশোৰীক গোগামুখ বালি গাঁৱৰ লাকী নাথে দেওবাৰে বিয়লি ফুৰিবলৈ বুলি এন এইচ পি চিলৈ লগ ধৰে,লাকী নাথৰ অনুৰোধ ৰক্ষা কৰি দুই কিশোৰীয়ে ফুৰিবলৈ যাবলৈ মান্তি হয় আৰু লাকী নাথে গোগামুখৰ পৰা বিমান গগৈক এখন গাড়ী দি বিয়লি ৩বজাত কমলপুৰৰ পৰা দুই কিশোৰীক এন এইচ পি চি লৈ লৈ আহিবলৈ পঠাই দিয়ে,বিমান গগৈক গাড়ীত অকলে দেখি দুই কিশোৰীয়ে লাকী বা ক'ত বুলি সোধাত বিমান গগৈয়ে মিছা মাতি কয় যে,লাকী বাইকত গৈ আছে তোমালোকক মোৰ লগত যাব কৈছে, সেই মতে দুই কিশোৰীয়ে গাড়ীৰে এন এইচ পি চিলৈ যায় যদিও এন এইচ পি চিলৈ গাড়ী নগৈ মহৰখুটি ঘন জংঘললৈ গাড়ী সোমাই যোৱাত দুই কিশোৰীয়ে জাপ দিব খোজে যদিও বিফল হয়। ঘন জংঘলত লাকী নাথৰ অনুপস্থিতিত গাড়ী চালক বিমান গগৈৰ নেতৃত্বত এন এইচ পি চিত কৰ্মৰত ঠিকাদাৰ আৰু কৰ্মচাৰীৰ সহিতে পাঁচোটাকৈ পাষণ্ড ই দুই কিশোৰীক তিনি বাৰকৈ জোৰ জবৰদষ্টি উপৰ্যুপৰি ধৰ্ষণ কৰে। নিশা পলমকৈ ঘৰ সোমাই কিশোৰী দুজনীয়ে সকলো কথা নিজৰ ককাকৰ আগত অৱগত কৰাৰ পিছত কালি গেৰুকামুখ আৰক্ষী থানাত ককাক জগত গগৈয়ে লাকী নাথ, আৰু বিমান গগৈৰ ওপৰত এখন এজাহাৰ দাখিল কৰে,। এজাহাৰৰ ভিত্তিত কেছ নম্বৰ 14/8/2022 U/S376(3)/376(D)আই পি চি ধাৰাত গোচৰ ৰুজু কৰি গেৰুকামুখ আৰক্ষী থানাই চিকিৎসালয়ত পৰীক্ষা কৰোৱাত দুই কিশোৰীক ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ আহে, আৰু অভিযুক্ত লাকী নাথক আটক কৰাৰ বিপৰীতে ঘটনাৰ লগত জড়িত ধৰ্ষণকাৰী এন এইচ পি চিৰ চোমা কোম্পানীৰ মেকানিকেল মহেন্দ্ৰ কুমাৰক আটক কৰে, বৰ্তমানেও এই সমগ্ৰ ধৰ্ষণ কাণ্ড সন্দৰ্ভত গেৰুকামুখ আৰক্ষী থানাই ক্ষীপ্ৰতাৰে অভিযান চলাই আছে। ইপিনে নিৰ্যাতিত দুই কিশোৰীক ন্যায় প্ৰদান কৰিবলৈ পৰিয়ালৰ লোকে দাবী জনোৱাৰ লগতে ঘটনাত জৰিত সকলোকে উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। এই কিশোৰী দুগৰাকীৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰশাসনে যাতে কোনো কাৰণতে ন্যায় ব্যৱস্থা লেহেমীয়া নকৰে তাৰ বাবে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰশাসনক আহ্বান জনোৱাৰ লগতে দুই কিশোৰী ছাত্ৰীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়। ভোক্তভোগী দুই কিশোৰী অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰী আছিল।