অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ ৩২ সংখ্যাক মৃত্যু বাৰ্ষিকী আজি  বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবতো অনুষ্ঠিত কৰা হয়।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা স্মৃতিচাৰণ সভাত বন্তী প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতি মনজিৎ বৰাই।শ্বহীদ সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণেৰে আক্ষেপ প্ৰকাশ কৰি বৰাই কয় যে, সাংবাদিক গৰাকীৰ হত্যাৰ ৩১ টাকৈ বছৰ অতিবাহিত হোৱাৰ পাছতো কোনো শাস্তি নহ'ল হত্যাকাৰীৰ। পৰিয়ালে ভাৰতীয় আইনী ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি সুদীৰ্ঘ সময় অপেক্ষা কৰিলে যদিও কমলা শইকীয়াৰ পৰিয়ালক আজি পৰ্যন্ত ন্যায় দিবলৈ সমৰ্থ নহ'ল ভাৰতীয় আইন ব্যৱস্থা।

সমগ্ৰ ৰাজ্যত বিভিন্ন সময়ত বহু প্ৰতিবাদ হ'ল কমলা শইকীয়াৰ হত্যাকাৰীৰ শাস্তিৰ প্ৰসংগত। কিন্তু মুকলিভাৱেই ঘূৰি ফুৰিছে তেওঁৰ হত্যাকাৰী। নিৰ্ভীক সাংবাদিকগৰাকীৰ স্মৃতিত প্ৰতি বছৰে ৯ আগষ্টৰ দিনটোত শ্ৰদ্ধাঞ্জলিৰে দাবী জনাই অহা হৈছে যদিও কোনো এখন চৰকাৰে ন্যায় দিবলৈ সক্ষম নহল বুলি ক্ষোভ ব্যক্ত কৰে সভাপতি তথা জেষ্ঠ সাংবাদিক মনজিৎ বৰাই।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত খোৱাং প্ৰেছ ক্লাবৰ ঋষেশ্বৰ বৰুৱাই স্মৃতি তৰ্পণ কৰি প্ৰথম গৰাকী শ্বহীদ সাংবাদিকৰ পৰিয়ালে ন্যায় লাভ নকৰাৰ বাবেই ৰাজ্যৰ ইজনৰ পিছত সিজন সাংবাদিক নিৰ্যাতনৰ বলি হৈছে, হত্যাৰ বলি হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন ৰাজ্যচৰকাৰে বিষয়টো গুৰুত্ব দি শীঘ্ৰে হত্যাকাণ্ডত জড়িতক নিৰ্দশন মুলক শাস্তি দিবলৈ দাবী জনাই।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যুৱ সাংবাদিক হিৰণ্য কিশোৰ বড়া,ৰাহুল মণ্ডল,দিনেশ দাস,পল্লৱজ্যোতি বৰুৱাকে ধৰি অন্যান্য সাংবাদিক সকল উপস্থিত থাকে।