হাতে হাতে জাল লৈ ঢকুৱাখানা মাতমৰাত ব্ৰহ্মপুত্ৰৰ পাৰত সামূহীয়া মৎস্য চিকাৰত নামিল শ শ লোক*
ঢকুৱাখানা মাতমৰাত সামূহীয়া মৎস্য চিকাৰ দৃষ্টি নন্দন দৃশ্য। ঢকুৱাখনা মাতমৰাত মাছ মাৰিবলৈ ব্ৰহ্মপুত্ৰৰ পৰাত ঢকুৱাখানা মাতমৰা,পূৱ ঢকুৱাখনা,আৰু খেৰকটা পঞ্চায়তৰ ৰাইজ। মৎস্য চিকাৰৰ আনন্দত মতলীয়া সকলো। কোনোৱে ধৰিছে পুঠী, খলিহনা।আন কোনোৱে বৰীয়ালা মাছ।উল্লেখযোগ্য যে প্ৰতি বছৰে বাৰিষা শেষত এনেদৰে মৎস্য চিকাৰত নামে তিনি পঞ্চায়তৰ গঞা আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহল বাৰিষাৰ শেষৰ ফালে এনেদৰে সামূহীয়া মৎস্য চিকাৰ কৰি আনন্দত আত্মহাৰা ৰাইজ।