দিল্লী, পঞ্জাৱৰ পিছত এতিয়া গোৱাতো স্বীকৃতি লাভ কৰিছে আম আদমী পাৰ্টী চমুকৈ আপে। নিৰ্বাচন আয়োগে গোৱাত আঞ্চলিক দলৰ মৰ্যাদা দিয়াৰ পিছত আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দলৰ নেতা আৰু কৰ্মীসকলক অভিনন্দন জনাইছে। অৰবিন্দ কেজৰিৱালে মঙলবাৰে কয় যে দিল্লী, পঞ্জাৱৰ পিছত আপে গোৱাত এক আঞ্চলিক দলৰ মৰ্যাদা লাভ কৰিছে। এতিয়া আন এক ৰাজ্যত দলটোৱে এক আঞ্চলিক দলৰ মৰ্যাদা পাবলৈ অপেক্ষাৰত। তাৰ পিছতে আপক ৰাষ্ট্ৰীয় দল হিচাপে ঘোষণা কৰা হ'ব।

গোৱাত, দলটোৱে যোৱা বিধানসভা নিৰ্বাচনত দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু মুঠ ৬.৮ শতাংশ ভোট লাভ কৰিছিল। এতিয়া যদি দলটোৱে আৰু এখন ৰাজ্যত এক আঞ্চলিক দলৰ মৰ্যাদা লাভ কৰে তেন্তে আম আদমী পাৰ্টি ৰাষ্ট্ৰীয় দল হিচাপে গঠন হ'ব।

অনাগত দিনত আম আদমী পাৰ্টীয়ে নিজৰ শক্তিৰে হিমাচল প্ৰদেশ আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ প্ৰস্তুতি চলাইছে। হিমাচল প্ৰদেশ বিধানসভাৰ কাৰ্যকাল ২০২৩ চনৰ ৮ জানুৱাৰীলৈকে আছে। আনহাতে গুজৰাট বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ ১৮ ফেব্ৰুৱাৰীত শেষ হ'ব। এই দুয়োটা নিৰ্বাচন এই বছৰৰ শেষৰ ফালে বা ২০২৩ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব পাৰে।