মুখ্যমন্ত্ৰী,স্বাস্থ্য মন্ত্ৰী, বিধায়কৰ আৰ্থিক কামনাৰে সহায় ভীক্ষা

দেখাই শুনাই যুৱতীগৰাকী সুস্থ যদিও এক বিশেষ ৰোগত আক্ৰান্ত হৈ দুৰ্ভোগ ভোগি আছে।

ঢকুৱাখনা মহকুমাৰ পাৰঘালি গাঁৱৰ বিমলা প্ৰসাদ চুতীয়া আৰু মাতৃ ৰূপা চুতীয়া জীয়ৰী নাম মায়াশ্ৰী চুতীয়া।

পিছে এইগৰাকী যুৱতীয়ে ঋতুচাপজনিত ৰোগত ডেৰবছৰ ধৰি আক্ৰান্ত হৈ আছে।

এই ৰোগত আক্ৰান্ত হৈ যুৱতী গৰাকীৰ অত্যাধিক ৰক্তক্ষৰণ, অসুস্থ, মাত নাইকিয়া হোৱা অৱস্থা হয়।

ছোৱালীজনীৰ এই অৱস্থা হোৱা দেখি দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পিতৃয়ে সাঁচতীয়া ধন,ঘৰৰ যাৱতীয় সম্পত্তি, গৰু ছাগলী বিক্ৰী কৰি মাটি বন্ধক দি নিজ কন্যাক চিকিৎসাৰ বাবে স্থানীয় মেডিকেল,ধেমাজি মেডিকেল, ডিব্ৰুগড় ,পূজা নাৰ্চিং,ডিব্ৰুগড় মেডিকেল কৰিও কোনোধৰণৰ সুফল লাভ কৰা নাই।

এতিয়া যুৱতী গৰাকী উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ আৱশ্যক ৪ লক্ষ্যাধিক টকা দৰকাৰ।

ইমান খিনি টকা এতিয়া কৰ পৰা যোগাৰ কৰিব।

যিখিনি ধন আছিল সেইখিনি ইতিমধ্যে চিকিৎসাৰ নামত শেষ কৰিলে।

লাখ লাখ টকা খৰচ কৰি ছোৱালীজনী চিকিৎসা কৰি কোনোধৰণৰ ভাল হোৱা লক্ষ্যণ নেদেখি পিতৃ মাতৃয়ে কান্দোনত ভাগি পৰিছে।

সেয়েহে পিতৃ মাতৃয়ে যুৱতী গৰাকীৰ উন্নত  চিকিৎসাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়ক তথা দল সংগঠনৰ সহায়ৰ হাত কামনা কৰিছে। যুৱতী গৰাকীৰ পিতৃৰ একাউণ্ট হৈছে Bimala prasad Chutia, Account no 225797470

IFSC no IDIB000B70663।।