যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত শিৱসাগৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত আজি জিলা সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতি(দিশা)ৰ বৈঠকখন অনুষ্ঠিত হয় ৷ উল্লেখ যে, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থকা আজিৰ দিশা বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয় ৷ উক্ত সভাত বিধায়ক ক্ৰমে সুশান্ত বৰগোহাঁই, প্ৰদীপ হাজৰিকা, বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া, উত্তৰ-পূৱ ৰে’লৱেৰ তিনিচুকীয়াৰ মাণ্ডলিক প্ৰবন্ধক, জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগ আদিৰ লগতে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷