অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱাই আবেদন দাখিল কৰাৰ সমান্তৰালভাৱে তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত যুৱক যুৱতী সকলে আবেদন কৰে। এইক্ষেত্ৰত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত তামুলপুৰ অঞ্চলৰ আবেদন কাৰী যুৱক যুৱতী সকলৰ বাবে যোৱা ২ জুলাইৰ পৰা তামুলপুৰৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰাই প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

Sponsored

भारी बचत कार और फ्यूल दोनों पर - भाटिया एंड कंपनी बूंदी

मारुती सुजुकी S-CNG कार खरीदने पर अब CNG भरवाएं मात्र ₹ 76.22 per/kg की कीमत में, मार्केट रेट से ₹ 13.46 कम कीमत में | मारुती कार खरीदने पर भारी बचत | नियम और शर्तें लागू |

তামুলপুৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত উক্ত প্ৰশিক্ষণত বিশিষ্ট শিক্ষক মহেশ বৈশ্য, পল্লবী ওজা, দিপ্তী বেজবৰুৱা, দ্বিজেন কুমাৰ দাস আৰু পুৰন্দৰ ৰাভাই দুশৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে।

৭ আগষ্টত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি প্ৰশিক্ষণ শিবিৰটোৰ সামৰণি পৰা বুলি ঘোষণা কৰে। এই সামৰণি সভাখনত প্ৰশিক্ষক তথা বিশিষ্ট শিক্ষক মহেশ বৈশ্যই প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যি দেশৰ, দহৰ হকে কাম কৰি সমাজখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আগভাগ লবলৈ তথা জীৱনত সফল হবলৈ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দি শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে তথা আন আন প্ৰশিক্ষক সকলেও তেওঁলোকক শুভেচ্ছা প্ৰদান কৰে।

ইপিনে সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ কলিতাই প্ৰশিক্ষাৰ্থী সকলক উদগনিমূলক ভাষণ প্ৰদান কৰি তেওঁ কয় যে- সততা আৰু নিষ্ঠাৰে যি কোনো কৰ্মক্ষেত্ৰত আগবাঢ়িলে কোনো বাধাই দিকভ্ৰষ্ট কৰিব নোৱাৰে। এইক্ষেত্ৰত সদাই সমাজৰ প্ৰতি দায়বদ্ধ হবলৈ প্ৰশিক্ষাৰ্থী সকলক আহ্বান জনাই সম্পাদক গৰাকীয়ে সকলোকে অভিনন্দন জনোৱাৰ লগতে কৰ্ম সংস্থাপনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি সদাই মানৱ জাতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনাই তথা প্ৰশিক্ষক সকলে নিজৰ বহুমূলীয়া সময় খৰচ কৰি প্ৰশিক্ষণ শিবিৰৰ উদ্দেশ্য সাফল্যমণ্ডিত কৰা বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

সামৰণি সভাখনত সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অজয় বড়ো, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উৎপল হালৈ, সাধাৰণ সম্পাদক মৃত্যুঞ্জয় হালৈকে আদি কৰি ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়া তথা দুই শতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।