ঢকুৱাখনা  দুখনকৈ জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত কণ কণ শিক্ষাৰ্থী-ৰাইজৰ*

:উন্নয়নে ঢুকি নোপোৱা ঢকুৱাখনাৰ এখন দুৰ্গম গাঁও,নাম বালিপুখুৰী।আজিও উপেক্ষিত অৱহেলিত গাঁওখন।এটা বিধ্বস্ত বোকাময় পথত দুখনকৈ বাঁহৰ দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে গাঁওবাসীয়ে। ঢকুৱাখনা সমষ্টিৰ দেউলীয়া পঞ্চায়তৰ বালিপুখুৰীৰ পৰা পাতৃচুক সংযোগী পথৰ চামপৰা নৈৰ ওপৰত আজিও নহ'ল পকী দলং।বাৰিষা খৰালি সকলো সময়তে এই জৰাজীৰ্ণ দলং দুখনেৰে যাতায়ত কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে অঞ্চলটোৰ ৰাইজে।বিশেষকৈ বাৰিষাৰ সময়ত জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুল যাত্ৰা কৰিব লগা হয় কণ কণ শিশু তথা ছাত্ৰ-ছাত্ৰীয়ে।জৰাজীৰ্ণ দলং তথা বিধস্ত পথৰ বাবেই অঞ্চলটোলৈ যাব নোৱাৰে মৃত্যুঞ্জয় সেৱাৰ লগতে আন জৰুৰীকালীন সেৱাৰ বাহন।কিন্তু ইয়াৰ পিছতো কানসাৰ নাই স্থানীয় বিজেপিৰ বিধায়ক নৱ কুমাৰ দলে আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ।

ৰাইজৰ এই সমস্যা দূৰ কৰাৰ বাবে শীঘ্ৰেই পকী দলঙ নিৰ্মাণৰ দাবী জনাইছে অঞ্চলবাসীয়ে।