তামুলপুৰৰ এগৰাকী বিশেষ ভাৱে সক্ষম যুৱক । জন্মৰে পৰা দৃষ্টি শক্তিহীন যদিও আজি বহু জনৰ বাবে আদৰ্শ । শৈক্ষিক দিশত আছে যুৱক জনৰ এক সুকীয়া পৰিচয় । আজি তামুলপুৰ মহকুমা গাওঁ ৰক্ষী বাহিনীৰ উদ্যোগত তামুলপুৰ গাওঁ ৰক্ষী বাহিনীৰ কাৰ্যালয়ত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । তামুলপুৰ মহকুমা গাওঁ ৰক্ষী বাহিনীৰ সভাপতি হেৰদ কিশোৰ বসুমতাৰীয়ে সভাপতিত্ব কৰা সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তামুলপুৰ মহকুমা গাওঁ ৰক্ষী বাহিনীৰ সম্পাদক দন্দী দাসে। সভাত তামুলপুৰৰ এগৰাকী বিশেষ ভাৱে সক্ষম যুৱক ঋতুৰাজ দাসক তামুলপুৰ মহকুমা গাওঁ ৰক্ষী বাহিনীৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়।

তামুলপুৰৰ দ্বাৰকুছীৰ নিবাসী দিলীপ দাস আৰু মনালিছা  দাসৰ সুযোগ্য সন্তান ঋতুৰাজে সদ্য প্ৰকাশিত কটন বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফলত বুৰঞ্জী বিষয়ত অনাৰ্ছ লৈ প্ৰথম বিভাগ লাভ কৰিবলৈ সক্ষম হৈছিল । সম্পূৰ্ণৰূপে দৃষ্টিহীন যুৱক এজনে স্নাতক শাখাত প্ৰথম বিভাগ লাভ কৰা বহু কঠিন যদিও , এয়া সম্ভৱ কৰি তুলিছে তামুলপুৰৰ গৌৰৱ ঋতুৰাজে ।  জন্মৰ পৰা দৃষ্টি শক্তিহীন ঋতুৰাজৰ আছে যঠেষ্ট মনোবল যাৰ ফলত বৰ্তমান ঋতুৰাজ হৈ পৰিছে অন্য হাজাৰ জনৰ বাবে পথ প্ৰদৰ্শক । বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত ঋতুৰাজ আছিল কটন বিশ্ববিদ্যালয়ৰ বিশেষ ভাৱে সক্ষম ছাত্ৰ- ছাত্ৰী মঞ্চৰ সমন্বয়ক । ভবিষ্যতে সমাজৰ বাবে ঋতুৰাজ আছে বহু পৰিকল্পনা ।  আজিৰ সম্বৰ্ধনা অনুষ্ঠানত তামুলপুৰ মহকুমা গাওঁ ৰক্ষী বাহিনীৰ দ্বাৰা ঋতুৰাজন গামোচা, কিৰ্তন ঘোষা ,কলম আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত সম্বৰ্ধনা সভাত তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰ দেওঘৰীই উপস্থিত থাকি ঋতুৰাজক অভিনন্দন জনোৱাৰ লগতে ভবিষ্যত উজ্জ্বল কামনা কৰি সভাত উপস্থিত সকলৰ আগত বক্তব্য আগবঢ়ায় ।

সভাত তামুলপুৰ গাওঁ ৰক্ষী বাহিনীৰ বিষয়া সকলৰ লগতে বিভিন্ন শাখা সমিতিৰ শতাধিক কৰ্মী উপস্থিত থাকে।