বৃটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সূচনা কৰা ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ স্মৃতি বিজড়িত, হিন্দু মুছলমানৰ সমন্বয়ৰ থলি কৃষক শ্বহীদ বাকৰিত পবিত্ৰ মহৰম উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ছিপাঝাৰৰ একাংশ মছজিদৰ ইমাম আৰু সভাপতি-সম্পাদকৰ মাজত বিতৰণ কৰা হয় জাতীয় পতাকা। 

অনুষ্ঠানত উপস্থিত থাকে পাথৰিঘাট মণ্ডলৰ ১২খন গাওঁপঞ্চায়তৰ ১৩০টা মছজিদৰ ইমাম আৰু সভাপতি-সম্পাদকসকল ।

ভাৰতীয় জনতা পাৰ্টী, সংখ্যালঘূ মৰ্চাৰ পাথৰিঘাট মণ্ডলৰ উদ্যোগত আয়োজিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত উপস্থিত থাকে সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি হবিব ৰহমান চোধুৰী। 

‌ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা জাতীয় সংহতি,সমন্বয়, অখণ্ডতা আৰু জাতিৰ বিকাশত অৰিহণা যোগায় অহা অঞ্চলটোৰ সংখ্যালঘূ লোকসকলক পূৰ্বৰ গৰিমা অক্ষুণ্ণ ৰাখি সম্প্ৰীতিৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।