বিধায়ক নৱ দলেৰ গৃহ পঞ্চায়তত PMAYৰ ঘৰ আৱন্টনত দুৰ্নীতিৰ অভিযোগ শ শ হিতাধিকাৰীৰ প্ৰতিবাদ।
*বিধায়ক নৱ দলেৰ গৃহ পঞ্চায়তত PMAY ৰ ঘৰ আবন্টনত দুৰ্নীতিৰ অভিযোগ*
*শ শ ক্ষুব্দ হিতাধিকাৰীৰ প্ৰতিবাদত উত্তাল মাতমৰা পঞ্চায়তৰ চৌহদ*
*প্ৰতিবাদৰ খবৰ পায় সচিব,সভাপতি নাহিল কাৰ্যালয়লৈ*
:-ঢকুৱাখনা উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত PMAY ৰ ঘৰ আবন্টনৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হৈছে যদিও মহকুমা প্ৰশাসনে ইয়াৰ ওপৰত কোনো ধৰনৰ তদন্তৰ সু-ব্যৱস্থা নকৰাত
ক্ৰমে বৃদ্ধিহে পাইছে দুৰ্নীতি।
#অসম চৰকাৰৰ প্ৰাক্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ
গৃহ পঞ্চায়ত মাতমৰাত শেহতীয়াকৈ PMAY ৰ ঘৰ
আবন্টনত ধনৰ লেনদেন আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে।
#"PMAY ৰ ঘৰৰ জিঅ' ট্ৰেকিঙৰ নামত ৫ শ,প্ৰতিটো কৃষ্টিৰ ধন মোকলাবৰ বাবে ফটো মাৰোতে ৫ শকৈ টকা লয় পঞ্চায়ত কৰ্মচাৰী জয়ন্ত সন্দিকৈয়ে"-এই অভিযোগ মাতমৰাৰ বঞ্চিত হিতাধিকাৰী ৰাইজৰ।
#আজি পঞ্চায়ত কৰ্মচাৰীৰ এনে কমিচনলোভী চৰিত্ৰ আৰু দুৰ্নীতিত অতীষ্ঠ হৈ শ
শ বঞ্চিত হিতাধিকাৰীয়ে মাতমৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
#প্ৰতিবাদী ৰাইজৰ আগত মুখ উলিয়াবলৈ সৎ সাহস নোহোৱা মাতমৰা পঞ্চায়তৰ সচিব আৰু সভাপতিয়ে আজি গা বেয়া হোৱাৰ অজুহাত দেখুৱাই কাৰ্যলয়লৈ নহকে থাকে।
#উল্লেখ্য যে পঞ্চায়তটোত প্ৰকৃত দৰিদ্ৰৰ পৰিবৰ্তে আঢ্যৱন্ত ঘৰৰ মানুহেহে উৎকোচ দি ঘৰ লবলৈ
সক্ষম হৈছে।ইফালে বিধৱা পেন্সন,অৰুণোদয়,বি,পি,এল,আইডি আদি প্ৰদানৰ ক্ষেত্ৰতো সচিব,সভাপতি আৰু একাংশ পঞ্চায়ত কৰ্মীয়ে মিলি বৃহৎ দুৰ্নীতি-
অনিয়ম কৰি আহিছে।