ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ বানে বুৰালে সহস্ৰাধিক লোকৰ ঘৰ।ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ বানে বুৰালে সহস্ৰাধিক লোকৰ ঘৰ,দুৱাৰ

*বিদ্যালয়ৰ পাঠদান বন্ধ পানীৰ বাবে*

*বানাক্ৰান্তৰ খবৰ ল'বলৈ সময় নাই জনপ্ৰতিনিধি, প্ৰশাসনৰ*

 ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত মাতমৰা আৰু পূৱ-ঢকুৱাখনা দুয়োখন পঞ্চায়তৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বানে প্লাৱিত কৰাৰ লগতে সহস্ৰাধিক লোকৰ ঘৰ-দুৱাৰো বানে বুৰোৱাত হাহাঁকাৰ সৃষ্টি হৈছে৷উল্লেখ্য যে যোৱা বানৰ নিচিনাকৈ এইবাৰো চিচি-টেকেলীফুটা মথাউৰিৰ বাহিৰত ব্ৰহ্মপুত্ৰৰ কাষে কাষে বসবাস কৰা বাঘচুুক, টুৰিবাৰী ইন্দুৰমুখ,বাহিৰ বান্দেনা,যোগীসুঁতি আদি কেইবাখনো গাঁৱৰ ৰাইজ বানৰ কবলত পৰি পানীত হাহঁ নচৰা অৱস্থা সৃষ্টি হৈছে পৰিয়ালসমূহ৷ কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত সাধাৰণ কৃষিজীৱি পৰিয়ালৰ মাজত খাদ্যৰ সংকট দেখা দিয়াৰ লগতে পশুধনৰ খাদ্য,থকা ঠাই আদিৰ সমস্যাত ককবকাই থকাৰ পিছতো আমাৰ বাতৰি যুগুত কৰা সময়লৈকে কোনো স্থানীয় গাঁওবুঢ়া,পঞ্চায়ত প্ৰতিনিধি আৰু প্ৰশাসনৰ ফালৰ পৰা বানাক্ৰান্তক খবৰ লবলৈ আহৰি নোহোৱাত বন্যাতই ক্ষোভ প্ৰকাশ কৰিছে।

 ইফালে ৪/৫ দিন ধৰি 

টুৰিবাৰীত বানৰ প্ৰকোপ বেছি হোৱাৰ বাবে গাঁওখনলৈ যাতায়ত-যোগাযোগ বন্ধ হৈ পৰিছে।গাঁৱৰ মাজত থকা ইন্দুৰমুখ এন,চি,প্ৰাথমিক বিদ্যালয়খন পানীৰ বাবে 

বন্ধ ৰাখিব লগা পৰিস্থিতি হৈছে৷