দেশে তথ্য প্ৰযুক্তিৰ উত্তৰণেৰে চন্দ্ৰ পৃষ্ঠত বিজয় ধ্বজা উত্তোলন কৰিবলৈ সক্ষম হোৱাৰ সামান্তৰালকৈ অদ্যপিও অনগ্ৰসৰ হৈ আছে অসমৰ ভিন্ন গ্ৰামাঞ্চলৰ বিভিন্ন গাওঁ। ৰজাঘৰীয়াৰ সুদৃষ্টিৰ পৰা বঞ্চিত এনে এখন গাওঁ হ'ল লক্ষীমপুৰ জিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দেৱলীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত বালিপুখুৰী নাথ গাওঁ। চৰকাৰী সুলভ মূল্যৰ দোকান বিহীন গাওঁ খনত কোনো হিতাধিকাৰী নাই অৰুণোদয়,উজ্বলা আদি আঁচনিৰ।সমগ্ৰ গাওঁ খনৰ ভিতৰতে কেৱল এটা পৰিয়ালেহে লাভ কৰিছে দৰিদ্ৰ লোকৰ বাবে আৱল্টিত চৰকাৰী গৃহ। তাৎক্ষণিক ভাবে ৰোগী,আসন্ন প্ৰসূতি কিম্বা দুৰ্ঘটনাগ্ৰস্হক চিকিৎসালয়লৈ আনিবলৈ জৰাজীৰ্ণ বাঁহৰ দলং পাৰ হৈ গাঁৱৰ ভিতৰলৈ সোমাব নোৱাৰে ১০৮ সেৱাৰ গাড়ী। সাধাৰণ জ্বৰ, কাহৰ চিকিৎসাৰ বাবেও ওচৰত কোনো চৰকাৰী ব্যৱস্হা নথকাত ৰোগী গৈ উপস্হিত হ'ব লাগে আঠ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত।পশুধন চিকিৎসাৰ ক্ষেএতো সম দুৰত্বৰ ঘিলামৰা ৰাজ্যিক পশু চিকিৎসালয়খনেই উপান্ত পশুপালকসকলৰ ভৰষাৰ স্হলি।শিক্ষা ব্যৱস্হাৰ আন্তঃগাথঁনি উন্নিতকৰণৰ বাবে পৰ্যাপ্ত ব্যৱস্হা লোৱা বুলি আজি চৰকাৰী ভাবে ঘোষিত যদিও নিয়মীয়া শিক্ষা লাভৰ পৰা দুখজনক ভাৱে বঞ্চিত বালিপুখুৰী নাথ গাওঁৰ শিশুসকল। গাওঁ খনৰ আভ্যন্তৰৰ মূল পথৰ পৰা ষাঠি মিটাৰ নিলগৰ তামূলী ৰচকী পথাৰত অৱস্হিত ১৯৮০ চনত চৰকাৰী কৰণ হোৱা বালিপুখুৰী নাথ গাওঁ প্ৰাথমিক বিদ্যালয়লৈ অহা-যোৱা কৰা গো-বাট টোৰ জলমগ্নতাই হ'ল ফুলকুমলীয়া শিশুসকলৰ শিক্ষা আহৰণ পথৰ প্ৰথম আৰু প্ৰধান হেঙাৰ। গাওঁ বাসীয়ে বাৰম্বাৰ কৰা অনুৰুধকো উপেক্ষা কৰি কেইগাড়ী মান মাটি পেলায় গো-বাটটো যাতায়ত উপযোগী কৰাৰ পৰা বিৰত থাকিল দেৱলীয়া গাওঁ পঞ্চায়তৰ কৰ্মকৰ্তা। ইয়াৰোপৰি গাওঁ খনৰ শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্যৰ দায়িত্ব ন্যস্ত অঙ্গনৱাড়ী কেন্দ্ৰটোৰ নাই কোনো চৰকাৰী গৃহ। প্ৰাথমিক বিদ্যালয় খনতে সংলগ্ন কৰি চলাই থকা কেন্দ্ৰ টো পানী বাঢ়িলেই বন্ধ কৰি থবলৈ বাধ্য হয় কৰ্মী গৰাকীয়ে। গাওঁ বাসীৰ অভিযোগ আৰু স্পষ্ট বক্তব্য হ'ল ---১৯৫১ চনত স্হাপিত গাওঁ খনৰ উন্নতি কল্পে চৰকাৰে কোনো ব্যৱস্হা নোলোৱাৰ ক্ষোভত তেওলোকে গ্ৰহণ কৰিছে অনাগত নিৰ্বাচনবোৰত ভোট প্ৰদান নকৰাৰ কঠোৰ সিদ্ধান্ত।স্থা।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'बर्दाश्त नहीं करेंगे, निजी बयान भी पब्लिक होता है', कंगना रनौत को लेकर भगवंत मान ने भाजपा को दी नसीहत
चंडीगढ़। किसानों के विरोध में भाजपा सांसद और अभिनेता कंगना रनौत के बयान से देश की सियासत...
Mission Chandrayaan की कामयाबी पर Amit Shah ने दी बधाई : "ऐतिहासिक-बेमिसाल कामयाबी..."
Mission Chandrayaan की कामयाबी पर Amit Shah ने दी बधाई : "ऐतिहासिक-बेमिसाल कामयाबी..."
ಬೆಂಗಳೂರಿನ ಹೆಚ್.ಎಸ್.ಆರ್ ಬಡಾವಣೆಯ ಸ್ವಾಭಿಮಾನಿ ಉದ್ಯಾನವನದಲ್ಲಿ ಫೆಬ್ರವರಿ 10, 11 ರಂದು ಎರಡು ದಿನಗಳ ಕಾಲ “ಪುಸ್ತಕ ಸಂತೆ” ನಡೆಯಲಿದೆ.
ಜನವರಿ 29, 2024
ಬೆಂಗಳೂರಿನ ಹೆಚ್.ಎಸ್.ಆರ್ ಬಡಾವಣೆಯ ಸ್ವಾಭಿಮಾನಿ ಉದ್ಯಾನವನದಲ್ಲಿ ಫೆಬ್ರವರಿ 10,...
Toyota की इस MPV की है भारी डिमांड, सात महीने बाद फिर शुरू की बुकिंग, जानें कैसे हैं फीचर्स कीमत और कितना है एवरेज
जापानी वाहन निर्माता Toyota भारत में कई बेहतरीन कार सेडान एमपीवी और एसयूवी को ऑफर करती है। ऐसे...
પાળિયાદ ગામમાં મંજુરથયેલ મફતપ્લોટ સનદ ફાળવવાઅંગે લેખિત રજૂઆત..
બોટાદ જિલ્લાના બોટાદ તાલુકાના પાળિયાદ ગામના અનુસુચીત જાતી તથા ઓબીસી સમાજના લાભાર્થીઓને...