ডিচেম্বৰত অনুষ্ঠিত হ'ব মুৰ্কং চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ
মুৰ্কং চেলেক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ উপলক্ষে ৰাজহুৱা সভা
জোনাই: ধেমাজি জিলাৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ অন্যতম এক গৌৰৱ উজ্বল ঐতিহ্যমণ্ডিত মুৰ্কংচেলেক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্র সন্থাই পোনপ্ৰথমবাৰৰ বাবে প্ৰাক্তন ছাত্র সমাৰোহৰ উদযাপনৰ ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা উজনিৰ অসম-অৰুণাচল সীমান্তৰ পূৱ প্ৰান্তৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্র স্বরূপ মুৰ্কংচেলেক মহাবিদ্যালয়ে প্রতিষ্ঠা কালৰে পৰা জোনাইবাসীৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন বিদ্যায়তনিক ক্ষেত্ৰত আৰু বহু ছাত্ৰ-ছাত্ৰীৰ মাজত গুণগত শিক্ষাৰ প্ৰসাৰ, বৌদ্ধিক তথা গঠনমূলক চিন্তা চৰ্চাৰ উৎকর্ষ সাধন, উপযুক্ত নাগৰিক গঢ় দিয়া, সুস্থ শৈক্ষিক পৰিবেশ সৃষ্টি আদিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে। তদুপৰি মহাবিদ্যালয়খনে অঞ্চলটোৰ জ্ঞান প্রজ্ঞা, সমাজ সংস্কৃতি আৰু বৌদ্ধিক সাধনাৰ পীঠস্থান মহাবিদ্যালয়ে প্রজ্ঞাসাধক তথা সমাজ ৰূপান্তৰৰ বাহক স্বৰূপে স্বকীয় আভাবে অনিৰুদ্ধ যাত্রা অব্যাহত ৰাখিছে।
মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র সমাৰোহ উদযাপনৰ হেতুকে আজি মুৰ্কং চেলেক মহাবিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দিপক কুমাৰ দলেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত প্ৰাক্তন ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক মন বাহাদুৰ ছেত্ৰীয়ে উদেশ্যে ব্যাখ্যা কৰে। ৰাজহুৱা সভাত প্ৰক্তন ছাত্ৰ সমাৰোহ উদযাপন উপলক্ষে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। আশি দশকৰ পৰা বিগত বৰ্ষলৈ মহাবিদ্যালয় খনত অধ্যন কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে ছাত্ৰ সমাৰোহ উদযাপনৰ প্ৰস্তুতি সম্পর্কে মত পোষণ কৰে। আনহাতে একেখন সভাতে অহা ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত দুই দিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজন কৰা সিদ্ধান্ত লোৱা হয়। তদুপৰি মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজনৰ বাবে এটা শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সভাই মূলাকান্ত পেগুক সভাপতি, মনবাদুৰ চেত্ৰী কাৰ্যকৰী সভাপতি, বুদ্ধেশ্বৰ বৰি, নবীজ দলে, দিনেশ পেগুক উপ-সভাপতি, ৰয়েল পেগুক সাধাৰণ সম্পাদক, লোহিত ফুকন, সঞ্জয় পেগু, মিণ্টু পেগু, কেমৰাজ লাগাছুক সহকাৰী সম্পাদক, বিজু দলেক কোষাধ্যক্ষ, নৱজিত হাজংক স্মৃতি গ্ৰন্থ সম্পাদক হিচাপে লৈ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপন সমিতি গঠন কৰা হয়। তদুপৰি সভাত মঞ্চ-মণ্ডপ, সাংস্কৃতিক, প্ৰচাৰ, শব্দ-পোহৰ, প্ৰাক্তন শিক্ষাৰ্থী সমন্বয়ৰক্ষী সমিতি, অতিথি আপ্যায়ন, খাদ্য, পানী যোগান, স্বেচ্ছাসেৱক আদি উপ-সমিতি গঠন কৰা হয়।
এই ৰাজহুৱা সভাত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ সংগঠনৰ সভাপতি মহেন্দ্ৰ টায়ে, সাধাৰণ সম্পাদক তুষাৰ ঙাটে, মুকেশ কুম্বাং মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বুদ্ধিজীবী , দল সংগঠনৰ নেতা তথা সাধাৰণ ৰাইজ।
আনহাতে, মুৰ্কংচেলেক মহাবিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগিয়া প্ৰাক্তন ছাত্ৰ সমাৰোহত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে।