ৰহা পতঞ্জলি যোগ সমিতিৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি এদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হয়।

    ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত আজি পূবা ৫বজাত যোগগুৰু ৰামনিবাস শৰ্মাৰ দ্বাৰা প্ৰত্যেক দিনৰ দৰে যোগ প্ৰনায়াম কৰাৰ পাছত ৬বজাৰ পৰা ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী তথা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ড° লক্ষীধৰ দাসে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ ৰহা মহিলা পতঞ্জলি প্ৰভাৰী স্বৰ্ণলতা ভূঞা ৰ দ্বাৰা বৰগীত পৰিবেশনেৰে শুভাৰম্ভ কৰাৰ পাছত লিনাক্ষী শৰ্মাৰ দ্বাৰা পাৰ্বতী প্ৰসাদ বৰুৱা ৰ গীত আৰু শান্তনু কৌশিক ভূঞায়ে বাঁহী বাদন কৰে। পৰিবেশন কৰাৰ লগতে যুবক,যুৱতী, মহিলাই যোগাসন প্ৰদৰ্শন কৰে।প্ৰতিষ্ঠা দিৱস উপলক্ষে হোম যজ্ঞ ৰ আয়োজন কৰি সমস্ত ক্ষেত্ৰ  ভক্তিময় কৰি তুলে।প্ৰতিষ্ঠা দিৱস ত ভাৰত সি বা বিমান পূব অসমৰ প্ৰবাসী দিব্যজ্যোতি বৰুৱা,পশ্চিম অসমৰ প্ৰভাৰী বিদ্যাধৰ কুম্ভকাৰ,নগাঁও জিলা পতঞ্জলি মহিলা প্ৰভাৰী দ্বিপ্তী শইকীয়া,ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী ড° লক্ষীধৰ দাসে সম্বোধন কৰি কয় যে আজিৰ ব্যস্ততা পূৰ্ন জীবনত সু স্বাস্থ্যৰ বাবে যোগ প্ৰনায়াম অতি প্ৰয়োজনীয় হৈ পৰিল আৰু যোগ প্ৰনায়ামক দৈনিক জীৱনৰ অংগ হিচাপে লব লাগে কৈ কয় যোগ প্ৰনায়ামৰ দ্বাৰা বিভিন্ন বেমাৰৰ পৰা আমি বাচিব পাৰোঁ।

প্ৰতিষ্ঠা দিৱস ত  যুব ভাৰত পূব অসম প্ৰভাৰী শচীন কুমাৰ নাথ,উওৰ পূব মহিলা প্ৰভাৰী জোনাকী বড়ো, মহিলা পতঞ্জলি যোগ সমিতিৰ ৰাজ্যিক কাৰ্য্যকাৰিনী সদস্যা লিলি সন্দিকৈ, মৰিগাঁও জিলা প্ৰভাৰী ফুকুল ডেকা,নগাঁও পতঞ্জলি যোগ সমিতিৰ প্ৰাক্তন প্ৰভাৰী ঔম প্ৰকাশ জাজোদীয়া,ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰাক্তন প্ৰভাৰী কমল চন্দ্ৰ শৰ্মা,সহ প্ৰভাৰী সুনীল হাজৰিকা, যোগ শিক্ষক অৰুপ বৈশ্য, সঞ্জয় কুমাৰ কাকতি সহ ৰহা পতঞ্জলি যোগ সমিতিৰ অন্তৰ্গত বিভিন্ন শাখাৰ সদস্য, সদস্যা,ৰহা মাৰবাৰী সমাজৰ প্ৰতিনিধি আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।