হোজাইত চৰকাৰী চাউলত প্লাষ্টিক চাউল মিহলাই কোনে কৰিছে বিতৰন।প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী।

আপুনি চৰকাৰে দিয়া চাউল খাই নেকি।সুলভ মূল্যৰ দোকানীয়ে বিতৰন কৰা চাউল যদি আপুনি খাই আছে তেন্তে হওক সাৱধান।হোজাইত সুলভ মূল্যৰ দোকানীয়ে বিতৰন কৰা চাউলত ওলাইছে প্লাষ্টিক চাউল।হয় হোজাইৰ দক্ষিন গোলাঘাটীয়া বস্তি নিবাসী গজেন্দ্ৰ দাসে সুলভ মূল্যৰ দোকানৰ পৰা আনিছিল চৰকাৰী চাউল।কিন্তু সেই চাউলত প্লাষ্টিক আকাৰৰ চাউল মিহলোৱা থকা দেখি হতবাক ৰাইজ।উক্ত চাউল পানীত দিয়াৰ লগে লগে নিজে নিজেই ফুলি উঠে ।জুই জ্বলালে গলিও যায় এই চাউলটো।ইফালে প্ৰকৃত চাউল পানীত দিলে নুফুলে আৰু জুইত গলীও নাযায়।এনেবোৰ কাৰণতে চৰকাৰে বিনামূলীয়া চাউলৰ নামত ৰাইজক বৰবিহ যোগান ধৰাৰো উঠিছে অভিযোগ।প্লাষ্টিক চাউল মিহলোৱা চৰকাৰী চাউলৰ ভাত খাই গৃহস্থ পেটৰ অসুখত ভুগিব ধৰাত এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰশাসনক।