বৰ্ষ ১৯৬৪চনত স্থাপিত তথা হীৰক জয়ন্তী বৰ্ষত ভৰি দিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰহা মহাবিদ্যালয় ত আগন্তুক দিনত "নাক"ৰ পৰিদৰ্শন বাবে ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আজি ৰহা মহাবিদ্যালয় ৰ প্ৰেক্ষাগৃহ ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত হয়।

   ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ সভাপতি মনিকা দাসৰ সভাপতিত্বত, সম্পাদক মৃদুল হাজৰিকাৰ উদ্দেশ্য ব্যাখ্যা আৰু সহকাৰী সম্পাদক সঞ্জয় কুমাৰ কাকতিয়ে আঁত ধৰা প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, ইংৰাজী বিভাগৰ অধ্যাপক পৃথিবীৰাজ বৰকাকতিয়ে সভা সম্বোধন কৰি নাকৰ পৰিদৰ্শন ৰ সময়ত লব লগীয়া পদক্ষেপ ৰ বিষয়ে অবগত কৰাৰ লগতে সন্মিলন ত উপস্থিত ১৯৭৬-৭৭বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ সহ ৰহা তথা বিভিন্ন  প্ৰান্তৰ পৰা অহা প্ৰাক্তন শিক্ষাৰ্থী সকলে বক্তব্য ৰখাৰ লগত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে ৰহা মহাবিদ্যালয় ত পঢ়ি থকা সময়ৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বহু বছৰৰ মূৰত সতীৰ্থ সকলক লগ পাই আনন্দিত হৈ পৰে।ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই জানিব দিয়ে যে মহাবিদ্যালয় হীৰক জয়ন্তী বৰ্ষত ভৰি দিছে আৰু হীৰক জয়ন্তী বৰ্ষ প্ৰস্তুতি চলাই থকাৰ লগতে পৰিচালনা সমিতিৰ লগত আলোচনা কৰি চলিত বৰ্ষতে হীৰক জয়ন্তী বৰ্ষৰ আৰম্ভণি কৰি ২০২৪ত সামৰণি কৰিব।

আজি অনুষ্ঠিত সন্মিলনত ৰহা মহাবিদ্যায় ১৯৭৭বৰ্ষৰ শিক্ষাৰ্থী বিজু দাস, কৃষ্ণমোহন দাস, মৃদুল ভূঞা,ৰহা মহাবিদ্যালয় ৰ অধ্যাপক দিগন্ত কুমাৰ ডেকা,মৃদুল শৰ্মা,মৃনাল শৰ্মা,বিৰাজ হাজৰিকা,অশোক সিং,অধ্যাপিকা  কৃষ্ণা হাজৰিকা,বাৰহপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ কুমুদ বৰদলৈ,প্ৰধান শিক্ষয়ত্ৰী অনিতা দেবী, প্ৰধান শিক্ষক ইন্দ্ৰ মোহন দাস সহ বিভিন প্ৰান্তৰ পৰা অহা প্ৰাক্তন শিক্ষাৰ্থী সকল উপস্থিত থাকে।