খোৱাং সমষ্টিক ডিব্ৰুগড় জিলাৰ উপ জিলা হিচাপে ৰাজ্যিক কেবিনেটে ঘোষনা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

এই ঘোষনাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ।

প্ৰশাসনিক কাম-কাজৰ বাবে ডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজন নহব । খোৱাং সমষ্টি যিহেতু উপ-জিলালৈ পৰিণত হব । উপ-জিলাৰ কাৰ্যালয়তে উপায়ুক্ত থাকিব ।

আনহাতে, মৰাণক মহকুমা কৰাৰ দাবী ৰাইজে জনাই আহিছিল । সেই দাবী ইয়াৰ জড়িয়তে পূৰণ হব । উপ-জিলা হোৱাৰ পিছত মহকুমা বিচৰাৰ প্ৰাসংগিকতা নাথাকে

 ।