সমগ্ৰ দেশবাসীৰ লগতে বৃহতৰ ৰহা, চাপৰমুখ অঞ্চলতো আজি ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী, শিক্ষক, শিক্ষয়ত্ৰী সকলে চন্দ্ৰ ত চন্দ্ৰযান -৩ৰ সফল অবতৰনৰ বিৰল দৃশ্য উপভোগ কৰি গৌৰৱ অনুভব কৰে।

   আজি সন্ধিয়া ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন, চাপৰমুখ বি,বি হানসাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ ৰহা,চাপৰমুখ অঞ্চলৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় ত চৰকাৰী নিৰ্দেশ অনুসাৰে বিদ্যালয় কৰ্তৃপক্ষ ৰ দ্বাৰা প্ৰোজেক্টৰ দ্বাৰা ছাত্ৰ ছাত্ৰী, শিক্ষক, শিক্ষয়ত্ৰী সকলৰ লগতে অবিভাবক, অবিভাবিকা সকলে চন্দ্ৰত চন্দ্ৰযান-৩ৰ সফল অবতৰনৰ বিৰল দৃশ্য উপভোগ কৰি গৌৰৱ অনুভব কৰাৰ লগতে সমস্ত দেশ বাসীৰ লগতে ৰহা বাসীয়ো এই বিৰল দৃশ্য ৰ সাক্ষী হৈ ৰল আৰু উৎসৱ মুখৰ সৃষ্টী হয় আৰু সমস্ত ক্ষেত্ৰত ভাৰত মাতা ৰ জয়ৰে মুখৰিত হৈ পৰে।