সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা ৰ নিৰ্দেশেত সমস্ত ৰাজ্যত অপিএচ প্ৰবৰ্তন ৰ দাবীত যোবা ২২আগষ্টৰ পৰা চলি থকা দুদিনীয়া কৰ্মবিৰতি কাৰ্য্যসূচী ৰ আজি দ্বিতীয় দিনা ৰহা আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সমিতিৰ উদ্যোগত ৰহা পুৰনাচাৰিআলী স্থিত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ৰ সন্মুখত অবস্থান ধৰ্মঘট পালন কৰা হয়।
ৰহা আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সমিতিৰ সভাপতি লক্ষী প্ৰসাদ মেদক দ্বাৰা উদ্বোধন কৰা তথা সম্পাদক ৰুবুল কুমাৰ দাসে আঁত ধৰা ধৰ্মধটত ৰহা আঞ্চলৰ বিভিন্ন চৰকাৰী কাৰ্যালয় ৰ কৰ্মচাৰী, বিভিন বিদ্যালয়, মহাবিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী সকলে এন পি এচ বাতিল কৰি অ পি এছ প্ৰবৰ্তন ৰ দাবীত পূবা ১০ বজাৰ পৰা দুপৰিয়া ১২ বজালৈ অবস্থান ধৰ্মঘটৰ পালন কৰাৰ লগতে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰনি পেঞ্চন আঁচনি পুন প্ৰবৰ্তন কৰক, অবসৰপ্ৰাপ্ত সকলো এন পি এচ কৰ্মচাৰী সকলক সকলো সা সুবিধা প্ৰদান কৰক সহ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী লৈ প্ৰেৰন কৰে।অবস্থান ধৰ্মঘটত নগাঁও জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সমিতি,ৰহা আঞ্চলিক চৰকাৰী এন পি এছ কৰ্মচাৰী সমিতিৰ প্ৰতিনিধি,ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ,ৰহা আঞ্চলিক শিক্ষক সন্মিলনি বিভিন্ন চৰকাৰী কাৰ্য্যালয় ৰ কৰ্মচাৰী, বিদ্যালয়, মহাবিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী সহ গনমান্য ব্যক্তি সকল উপস্থিত থাকি অপিএচ প্ৰবৰ্তন কৰি এন পি এছ কৰ্মচাৰী সকলৰ অৱসৰী জীবনৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ দাবী জনাই।