ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত হাটখুলা ব্যৱসায়ী আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমিত থকা ব্যৱসায়ীৰ মাজত সংঘাতক লৈ সন্ধিয়া তীব্ৰ উত্তেজনা । ৰাজ ক্লথ ষ্টৰ সন্মূখত থকা ফাষ্ট ফুট 'Barbecue grillsmoke' দোকানখনক আতৰাবলৈ ৰাজহ চক্ৰ বিষয়া আৰু দিখাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অভিযোগ দিছিল ৰাজ ক্লথ ষ্টৰ স্বত্তাধিকাৰীয়ে ।

। সেইমৰ্মে আজি সন্ধিয়া দিখাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ হয় । ইয়াৰ পিছতে স্থানীয় দল- সংগঠন উপস্থিত হয়হি ঘটনাস্থলীত । স্থানীয় ফাষ্ট ফুট ব্যৱসায়ী তথা খিলঞ্জীয়া ব্যৱসায়ীজনক নীতি বিৰুদ্ধ ভাৱে আতৰাবলৈ লোৱা লোৱা বিষয়ত জাঙুৰ খাই উঠে দল-সংগঠন ।