ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ স্বাভিমানী নক্ষত্ৰ স্বৰূপ ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়খনে যুগ জয়ী সফল যাত্ৰা পথত চলিত বৰ্ষত ১৫০ টা বছৰত পদাৰ্পণ কৰিছে। ঢকুৱাখনা নগৰৰ মাজ মজিয়াত স্থাপিত এইখন বৰ্ণময় ইতিহাসেৰে সমৃদ্ধ মজলীয়া শিক্ষানুষ্ঠানৰ এনে গৌৰৱোজ্জ্বল ক্ষণ সজীৱ কৰি ৰাখিবলৈ বিদ্যালয় পৰিয়ালে সামৰণী অনুষ্ঠান অহা ২০২৩ বর্ষৰ ১৭-১৮ আৰু ১৯ অক্টোবৰত জয়ন্তীৰ মূল সামৰণি কাৰ্যসূচী অনুষ্ঠিত হব । উক্ত সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ডেৰশ বছৰীয়া জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সাহিত্য উপ-সমিতিৰ দ্বাৰা এলানি প্রতিযোগিতা আয়োজন কৰিছে । সেয়েহে, উক্ত প্রতিযোগিতাসমূহত বিদ্যালয়/মহাবিদ্যালয়ৰ ইচ্ছুক প্ৰতিযোগীসকলক অংশগ্ৰহণৰ সুবিধা দিবৰ বাবে সদৌ অসম ভিত্তিত অনলাইন ৰচনা প্রতিযোগিতা অনুষ্ঠি হব । প্ৰতিযোগীসকলক অংশগ্ৰহণৰ সুবিধা হোৱাকৈ প্ৰতিযোগিতাৰ বিষয় হিচাপে নৱম শ্ৰেণীৰ পৰা স্নাতক পর্যায়লৈ “ হোমেন বৰগোহাঞিৰ সাহিত্যত জীবন জিজ্ঞাসা”, নিম্ন শাখা -প্রথম শ্রেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু উচ্চ শাখা- ষষ্ঠ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়লৈ ঢকুৱাখনা মহকুমা ভিত্তিত প'ষ্টাৰ লিখন প্রতিযোগিতা- বিষয় বস্ত হৈছে "প্রকৃতি আৰু শিক্ষামূলক", স্ব-ৰচিত গল্প আৰু কবিতা প্রতিযোগিতা- নিম্ন শাখা প্রথম শ্রেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু উচ্চ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়লৈ।

ইয়াৰ উপৰিও কবিতা আবৃত্তি প্রতিযোগিতা ১৭ অক্টোবৰ ২০২৩ তাৰিখে মূল মণ্ডপত অনুষ্ঠিত হ'ব । নিম্ন শাখাৰ কবিতা "সুখ", কবি আনন্দ চন্দ্ৰ আগৰৱালা (প্ৰথমৰ পৰা চৌবিশ শাৰী) প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ । উচ্চ শাখাৰ কবিতা “পোহৰতকৈ এন্ধাৰ ডাল”, কবি হেম বৰুৱা (সম্পূর্ণ কবিতাটি ) ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ আৰু বক্তৃতা প্রতিযোগিতা ১৮ অক্টোৱৰ ২০২৩ তাৰিখে মূল মণ্ডপত্র অনুষ্ঠিত হ'ব ৷ "মোৰ সপোনৰ ঢকুৱাখনা” ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ ৷ ইয়াৰ সমান্তৰালভাৱে অনুষ্ঠিত হব চিত্রাংকন প্রতিযোগিতা ৷ নিম্ন শাখা প্রথম শ্রেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু উচ্চ শাখা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ । ইচ্ছুক ছাত্ৰছাত্ৰীয়ে স্ব-ৰচিত কবিতা আৰু গল্পসমূহ অহা ২৫ আগষ্ট ২০২৩ তাৰিখৰ ভিতৰত উদ্‌যাপন সমিতিৰ কাৰ্যালয়ত অথবা সাহিত্য উপ-সমিতিৰ সম্পাদকৰ হাতত জমা দিব লাগিব। অনলাইন ৰচনাসমূহ ৱাটছাব নম্বৰ ৯৪০১২৬৪০১৬ অথবা arunchamuah111@gmail.com জৰিয়তে পি.ডি.এফ কৰি অহা ৩০ আগষ্ট ২০২৩ তাৰিখৰ ভিতৰত জমা দিয়াৰ উপৰিও প্রতিযোগীসকলে বিদ্যালয় প্ৰধানৰ পৰিচয় পত্ৰৰ প্ৰত্যায়িত কপি লগত জমা দিব লাগিব। ইয়াৰ লগতে জনোৱা হৈছে যে প্রতিখন বিদ্যালয়/মহাবিদ্যালয়ৰ পৰা সৰ্বাধিক দুজনকৈ প্ৰতিযোগীয়ে অংশগ্রহণ কৰিব পাৰিব আৰু উৎকৃষ্ট আৰু শ্ৰেষ্ঠ স্থান লাভ কৰা প্ৰতিযোগীসকলক উপযুক্ত মাননী আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে লেখনিসমূহ ডেৰশ বছৰীয়া জয়ন্তীৰ স্মৃতিগ্ৰন্থত প্ৰকাশ কৰা হ'ব ৷