ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ জোঁৰ সমদল

ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৯ খন পঞ্চায়তত তিনিওটা মিচিং জাতীয় সংগঠন ক্ৰমে TMPK,MMK আৰু TMMKৰ উদ্যোগত আয়োজন কৰা জোঁৰ সমদলৰ সমান্তৰালভাৱে মাতমৰা আঞ্চলিক কমিটিয়েও মেৰিণ চাৰিআলিৰ পৰা আৰম্ভ কৰি আমলখি দাংধৰা লৈ জোঁৰ সমদল বাহিৰ কৰে৷ এই আন্দোলন ২০২৬ লৈকে চলিব।আমাৰ দাবী মানিবই লাগিব ।

সমষ্টিৰ পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া বিৰোধিতাৰে সংখ্যক লোকে অংশগ্ৰহণ কৰে কাৰ্যসূচীত৷

সমষ্টিৰ পুনৰনিৰ্ধাৰণৰ জৰিয়তে ঢকুৱাখনা বিধান সভা সমষ্টিৰ পৰা সোৱণশিৰি পঞ্চায়তৰ গৰিষ্ঠ সংখ্যক গাঁও নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত কৰাকলৈ আজিও অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ।

ঢকুৱাখনা সমষ্টিৰ পৰা সোৱণশিৰি পঞ্চায়তৰ এই গাঁওসমূহক নাওবৈচা বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত কৰা কাৰ্যক বাতিলৰ দাবীত আজি ঢকুৱাখনাৰ মাতমৰা পঞ্চায়তত তিনি মিচিং জাতীয় সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।TMPKৰ কেন্দ্ৰীয় সমিতি সদস্য বৃগেন দলে, ক্ষীৰোদ পেগু,ঢকুৱাখনা জিলা সমিতি সাধাৰণ সম্পাদক অমৰজিৎ দলে লগতে কেন্দ্ৰীয় সমিতি কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত আৰু মাতমৰা তিনিওটা সংগঠনৰ সহযোগত শণিবাৰে সন্ধিয়া কেইবাশতাধিক সদস্য সদস্যাৰ উপস্থিত বিভিন্ন শ্লোগানেৰে জোঁৰ সমদল কৰি কেইবা কিলোমিটাৰ দূৰত্বলৈ আন্দোলন কৰে।

কোনো কাৰণতে নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত মানি লোৱা নহ’ব বুলি জনায় সংগঠন কেইটাই।

 এই দাবী মানি নোলোৱালৈকে ২০২৬ চনলৈকে এই আন্দোলন কৰিব থাকিব বুলি জনায় এইসকল লোকে।