নাৰী সৰবৰাহকাৰী পূৰ্নিমা ৰয় আৰু খৃষ্টমনি বাৰ্লাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত বামুনবাৰী তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদ সাব্যস্ত কৰিছে বামুনবাৰী অঞ্চলৰ অৰ্ধশতাধিক পুৰুষ- মহিলাই ।
বামুনবাৰী অঞ্চলৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এগৰাকী যুৱতী আৰু এগৰাকী বোৱাৰী । পূৰ্নিমা ৰয় আৰু খৃষ্টমনি বাৰ্ লা নামৰ মহিলা দুগৰাকীয়ে বহিঃ ৰাজ্যত বিক্ৰি কৰাৰ সন্দেহ ভূক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজৰ ।
যোৱা ১ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে কেঁকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং দিঘলীয়া গাঁৱৰ ৰমেশ প্ৰজাৰ পত্নী পূজা প্ৰজা (২২) । এটি ৬ মহীয়া কেঁচুৱাও এৰি থৈ গৈছে মহিলাগৰাকীয়ে ।
একেদৰে আন এগৰাকী যুৱতী প্ৰায় ৬ মাহ ধৰি সন্ধানহীন হৈ আছে ।
প্ৰতিবাদকাৰীসকলে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে