ডিব্ৰুগড়ৰ কোঁৱৰ গাঁৱৰ এটি সন্তানৰ পিতৃ জাহিৰ হুছেইনে নিজকে আছিক মুণ্ডা বুলি পৰিচয় দি টিংখাঙৰ এগৰাকী হিন্দু যুৱতীৰ সৈতে এবছৰ দিন ধৰি প্ৰেমৰ সম্পৰ্ক ৰাখি আহিছিল । বৃহস্পতি বাৰে প্ৰেমিকাক মৰাণৰ পুলিচ পইন্টৰ সমীপত লগ কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ সন্দেহ ওপজাত আৰক্ষীয়ে সোধা-পোচা কৰাত পোহৰলৈ আহে আছিক মুণ্ডাৰ প্ৰকৃত পৰিচয় । ইয়াৰ পিছতে যুৱতীগৰাকীয়ে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে প্ৰেমিক ৰূপি জাহিৰ হুছেইনৰ বিৰুদ্ধে আজি শুকুৰ বাৰে দিনৰ ১১মান বজাত মৰাণ আৰক্ষীয়ে এই সংক্ৰান্তত MORAN P.S. 76/23 নম্বৰত গোচৰ ৰুজু কৰাৰ লগতে 419 420 354 370 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰিছে ধৃত জাহিৰ হুছেইনক ।
হিন্দু যুৱক বুলি ভূৱা পৰিচয়েৰে এগৰাকী হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখা মুছলিম যুৱকক মৰাণত গ্ৰেপ্তাৰ
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2023/08/nerity_e9c3b9a161259a49a48d1d5320566410.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)