মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ) কেন্দ্ৰীয় সমিতিৰ ৰ মুখ্য উপদেষ্টা বুবুমনী গোস্বামী, অধ্যক্ষ আদিত্য লহকৰ আৰু সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা ই এক প্ৰেছ বিজ্ঞপ্তি ত  বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ,সমাজকৰ্মী, কটন মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যাপক তথা উপাধক্ষ্য দেৱেন দত্ত ৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় যে দেৱেন দত্ত ৰ বিয়োগ অসমৰ বাবে অপূৰনীয় ক্ষতি।মাছে বিদেহী আত্মা চিৰ শান্তি ৰ প্ৰাৰ্থনা কৰি শোকসম্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

  বিশিষ্ট শিক্ষাবিদ দেৱেন দত্ত ৰ বিয়োগত ৰহা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদ, ৰহা আঞ্চলিক মানব অধিকাৰ সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, ৰহা আঞ্চলিক সাহিত্য সভা, সূৰ্য্যবতী শাখা সাহিত্য সভা, তিবা ছাত্ৰ সন্থা, ৰহা আঞ্চলিক সাংবাদিক সন্থা,অকণিৰ কবিতা ঘৰ, (অসম)পূব সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু সমিতি,ৰহা সৰাগাঁও চিৰ সেউজ শিল্পী সমাজ,ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলন সহ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে।