আনুষ্ঠানিক অধিসূচনা অনুসৰি অসমৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ চূড়ান্ত নিৰ্দেশ বুধবাৰৰ পৰা কাৰ্যকৰী হয়।

১১ আগষ্টত প’ল পেনেলে ৰাজ্যখনৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰি মুঠ সংখ্যা ক্ৰমে ১২৬ আৰু ১৪ত অপৰিৱৰ্তিত ৰাখিছিল। 

ইয়াৰ উপৰিও ১৯টা বিধানসভা সমষ্টি আৰু এটা সংসদীয় সমষ্টিৰ নামকৰণ সংশোধন কৰিছিল।

অনুসূচিত জনজাতি (এছ টি)ৰ বাবে সংৰক্ষিত হৈছে ঊনৈশটা বিধানসভা আৰু দুটা লোকসভা সমষ্টি। 

এটা লোকসভা সমষ্টি আৰু ৯টা বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে।

বুধবাৰে আইন মন্ত্ৰালয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হৈ জাৰি কৰা অধিসূচনা অনুসৰি, ২০২৩ চনৰ ১৬ আগষ্টত অসমৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নিৰ্দেশ কাৰ্যকৰী হ’ব বুলি নিৰ্দিষ্ট কৰা হৈছে।