সমগ্ৰ দেশৰ লগতে নাজিৰাতো আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় | নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নাজিৰা মহকুমা মহকুমাধিপতি আয়ুষী জৈনে | পতাকা উত্তোলনৰ পূৰ্বে বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে | ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত কুচ কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট গাইডৰ অভিবাদন গ্ৰহণ কৰে | লগতে স্বাধীনতা দিৱস উপলক্ষে আয়োজিত পেৰেড প্ৰতিযোগিতাৰ বিজয়ী সকলকো পুৰস্কৃত কৰা হয় | তদুপৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় | অনুষ্ঠানৰ অন্তত ৰাইজক প্ৰশাসনৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰা হয় |
নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত কেন্দ্ৰীয় ভাৱে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/08/nerity_b7a9e8facd4bf3d92531be1b349558bf.jpg)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)