অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাসকলৰ সবলীকৰণৰ হেতু গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ অধীনত প্ৰতি মাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে। শেহতীয়াকৈ অৰুণোদয় ২.০ৰ জৰিয়তে অসম চৰকাৰে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ সৈতে সংলগ্ন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে। - মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma.