সমস্ত ৰাজ্যৰ লগতে ৰহা চাপৰমুখ অঞ্চলতো আজি ৭৭সংখ্যক স্বাধীনতা দিৱস উল্লহ মালহেৰে পালন কৰা হয়।

আজি ৰহা চাপৰমুখ অঞ্চলৰ চৰকাৰী বে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান ৰ দ্বাৰা ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ লগতে ৰহা প্ৰশাসন তথা ৭৭সংখ্যক কেন্দ্ৰীয় স্বাধীনতা দিৱস উদযাপন সমিতিৰ ৰ উদ্যোগত ৰহা পুৰনাচাৰিআলী স্থিত কেন্দ্ৰীয় পতাকা উওোলন ক্ষেত্ৰত পূবা ৯বজাত ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয়ে পতাকা উওোলন কৰি বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ পাছত স্বাধীনতা দিৱস উপলক্ষে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান প্ৰাপ্ত শতৰুপা বৰকাকতি,হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰহা সমষ্টিৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোবা অনিন্দিতা শইকিয়া সহ ৬গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক এখন এখন ফুলাম গামোচা,গ্ৰন্থ আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি অভিনন্দন কৰাৰ লগতে অকনিৰ কবিতা ঘৰ, অসম,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ,ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু মৌন কলা নিকেতনৰ শিশু সকলে গীত নৃত্য, যোগাসন আৰু নাট প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।ইয়াৰ লগতে ৰহা নতুন চাৰিআলি ত ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৭৭সংখ্যক স্বাধীনতা দিৱস ৰ পতাকা উওোলন কৰে ৰহা ক্ৰীড়া সংঘৰ সম্পাদক ধ্ৰুব পাতৰে।উপলক্ষে ৰহা নগৰ মন্ডল সভাপতি ৰাজেন গাঁওখোবা,ৰহা শ্ৰমিক উন্নয়ন সমিতিৰ সভাপতি দীগেন বৰদলৈ,সম্পাদক টুটু গাঁওখোবা সহ শ্ৰমিক উন্নয়ন সমিতিৰ সদস্য সকল উপস্থিত থাকে।

   ইয়াৰ লগতে ৰহা শাখা মাৰবাৰী যুব মঞ্চ ৰ উদ্যোগত ৰহা পঞ্চায়তী ঠাকুৰবাৰীত অনুষ্ঠিত ৭৭সংখ্যক স্বাধীনতা দিৱস ত পতাকা উওোলন কৰে ৰহা মাৰবাৰী সমাজৰ নৰসিংহ লাল আগৰৱালাই পতাকা উওোলন কৰে।ৰহা মাৰবাৰী সমাজৰ কন কন শিশু সকলৰ দ্বাৰা দেশ ভক্তি মুলক গীত নৃত্য প্ৰদৰ্শন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰাৰ অনুষ্ঠানত ৰহা মাৰবাৰী সমাজৰ মাতুৰাম শৰ্মা,পৰুষোতম প্ৰসাদ শৰ্মা,ৰহা মাৰবাৰী যুব মঞ্চ ৰ সভাপতি শিব শৰ্মা, সম্পাদক আশিষ চেঠিয়া,কনভেনৰ ৰাজেশ প্ৰজাপত সহ ৰহা মাৰবাৰী যুব মঞ্চ ৰ সদস্য সদস্যা উপস্থিত থাকে।