ঐতিহাসিক চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ সন্দৰ্ভত ৰাজহুৱা সভা আহ্বান
****************************************** চৰাইদেউ জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী আওকাণ কৰি ৰাজ্য চৰকাৰে আজি পৰ্যন্ত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক আনুষ্ঠানিক ভাৱে চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ঐতিহাসিক চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতি নামেৰে গঠিত হোৱা সংগঠনটোৰ নেতৃত্বত ইতিপূৰ্বে চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাত অন্তৰ্ভুক্ত কৰি ইয়াৰ সীমা নিৰ্ধাৰণ কৰিবলৈ দাবী জনাই ৰাজহ মন্ত্ৰী যোগেন মোহনৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল। আনহাতে সমিতিৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই দাবীৰ সন্দৰ্ভত তেওঁক অৱগত কৰিছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত শীঘ্ৰেই এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আশা কৰা হৈছিল সমষ্টি পুনঃ নিৰ্ধাৰণৰ সময়ত চৰাইদেউ মৈদাম এলেকাক শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ পৰা কৰ্তন কৰি চৰাইদেউ জিলাত চামিল কৰা হব। কিন্তু শেহতীয়াকৈ ঘোষণা কৰা সমষ্টিৰ চূড়ান্ত তালিকাত চৰাইদেউ মৈদাম এলেকাক চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নকৰা বিষয়টোৱে জিলাখনৰ বাসিন্দা সকলক অসন্তুষ্ট কৰি তোলা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ ওপৰত আলোচনা কৰি এক সিদ্ধান্ত গ্ৰহণ কৰাৰ উদ্দেশ্য বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিৰ উদ্যোগত ১৬ আগষ্ট দিনৰ ১২ বজাত অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক ৰাজহুৱা সভাৰ আহ্বান জনোৱা হৈছে।