অৱশেষত মৰাণ আৰক্ষীৰ জালত প্ৰৱঞ্চক নৱজিৎ ভৰালী । চাকৰি দিয়াৰ নামত বিভিন্ন লোকৰ পৰা প্ৰৱঞ্চনা কৰি ধন সংগ্ৰহ কৰিছিল প্ৰৱঞ্চকটোৱে । আজি শিৱসাগৰৰ গৌৰীসাগৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নৱজিৎ ভৰালী ওৰফে গুদ্দুক ।

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ মুঠ ৮ জন নিবনুৱা যুৱকৰ পৰা অইল ইণ্ডিয়া লিমিটেডত চাকৰি দিয়াৰ নামত মুঠ ২,৫০,০০০ টকা সংগ্ৰহ কৰিছিল নৱজিৎ ভৰালীয়ে ।

নৱজিৎ ভৰালীয়ে নিবনুৱা যুৱককেইজনক লগ ধৰি ৰাজীৱ কুমাৰ মহত্বৱে চাকৰি দিব পাৰিব বুলি প্ৰলোভন দিছিল । ইয়াৰ পিছতে বিগত বৰ্ষৰ অক্টোবৰ মাহত দুটা কৃস্তিত ২,৫০,০০০ টকা লৈ গৈছিল দালাল নৱজিৎ ভৰালীয়ে । যুৱককেইজনক একোখনকৈ ভূৱা Employee Card দিছিল দালাল নৱজিতে । প্ৰৱঞ্চনাৰ কথা পোহৰলৈ অহাৰ পিছত পলাতক অৱস্থাত আছিল নৱজিত ।

শেহতীয়াকৈ মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভূক্তভোগী যুৱককেইজনে । মৰাণ আৰক্ষী থানাৰ গোচৰ নং 73/23 আৰু 120 B/ 427/ 406 /467 অধীনত আজি প্ৰবঞ্চক নৱজিৎ ভৰালীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম আৰক্ষীয়ে