পবিত্ৰ শাওন মাহৰ সোমবাৰে মহাদেৱ ক জল অৰ্পন ৰ বাৰে দেওবাৰে সন্ধিয়া ৰ পৰা ৰহাৰ চাপৰমুখ মাৰবাৰী পট্টী স্থিত শ্ৰী ভূতনাথ মন্দিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক পুৰুষ মহিলা যুবক যুৱতী ভক্তয়ে ভূতনাথ মন্দিৰত মহাদেৱ ৰ পূজা অৰ্চনা কৰি ঘাটৰ পৰা পানী তুলি হৰ হৰ মহাদেৱ, ঔ নম:শিৱায় জাপেৰে পদব্ৰজে ৰাওনা হয় আৰু সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলে।

  লগতে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো চাপৰমুখ আড্ডাৰ প্ৰতিনিধি সকলে শতাধিক ভক্ত ৰ মাজত জল সেবা প্ৰদান কৰে আৰু চাপৰমুখ শ্ৰী সোমনাথ মন্দিৰতো ভক্ত সকলে পূজা অৰ্চনা কৰাৰ লগতে ভজন কীৰ্তনেৰে সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তুলে।

   আজি শাওন মাহৰ সোমবাৰে ৰহা,চাপৰমুখ অঞ্চল ৰ বিভিন্ন দেবালয়,মন্দিৰত পূবাৰ পৰাই ভক্ত সকলৰ ভিৰ পৰিলক্ষিত হয়।ভক্ত সকলে বাবাৰ পূজা অৰ্চনা কৰি দেশ,সমাজ আৰু পৰিয়ালৰ সুখ শান্তিৰ মংগল কামনা কৰে।