মৰাণৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছুৰ উদ্যোগত ৰাইজ মেল । মৰাণ নগৰত পাৰ্কিঙৰ নামত ধন সংগ্ৰহৰ বিৰুদ্ধে সৰৱ মৰাণৰ নাগৰিক আৰু দল-সংগঠন । ইতিমধ্যে এই সন্দৰ্ভত ডিব্ৰুগড় জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও গুৰুত্ব দিয়া নাই । সেয়েহে অহা সোম বাৰৰ পৰা এলানি কাৰ্যসূচী ঘোষনা কৰিছে মৰাণৰ নাগৰিক আৰু দল-সংগঠনে । ৰাইজ মেলৰ পিছতে এক সংবাদমেল যোগেৰে সিদ্ধান্তসমূহ অৱগত কৰে ।

কাইলৈ মৰাণৰ নাগৰিকৰ স্বাক্ষৰিত এখনি চৰম পত্ৰ আয়ুক্ত প্ৰদান কৰিব । অহা ১৯ আগষ্টত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণত বিক্ষোভ প্ৰদৰ্শন কৰিব ।

আনহাতে, মৰাণ ৰাজিক চিকিৎসালয়ত চিকিৎসকৰ ব্যৱস্থা কৰা, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি উপ পথসমূহত অবৈধভাৱে থকা যান-বাহনৰ আস্থান সমূহ সুনিৰ্দিষ্ট স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা ইত্যাদি সমস্যা সমাধানৰ দাবীত কাৰ্যসূচী গ্ৰহন কৰাৰ অৱগত কৰে সংবাদমেলৰ জৰিয়তে । 

ইফালে, বিশিষ্ট সাংবাদিক শোভিত কুমাৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত ৰাইজ মেলত আছুৰ বিষয় ববীয়া, আছা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, টাইপা, মৰাণ নাগৰিক মঞ্চৰ বিষয়-ববীয়াকে ধৰি কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি আৰু জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে