ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলৰ ব্যাপক জালিয়াতি ৷লাট মণ্ডল গৰাকীয়ে বয়স জালিয়তিৰে চাকৰি কৰি অহাৰ গুৰুতৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মীয়ে ৷তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিল বয়স জালিয়াতিৰ তথ্য ৷এই সন্দৰ্ভত ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিচতো দীৰ্ঘদিনে ছিপাঝাৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ গোচৰীয়াৰ ৷ছিপাঝাৰ ৰাজহ চক্ৰৰ লাট মণ্ডল শংকৰ শৰ্মাই বয়সৰ জালিয়াতিৰে চাকৰি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী আৰ টি আই কৰ্মীয়ে ৷অভিযোগ মতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা আবেদনৰ উত্তৰত প্ৰাপ্ত তথ্য অনুসৰি হাইস্কুল শীক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডত লাট মণ্ডল শৰ্মাৰ জন্ম ১৯৬৬ চনৰ ১ জানুৱাৰীত বুলি উল্লেখ থকাৰ বিপৰীতে স্বাস্থ্য বিভাগৰ প্ৰমাণ পত্ৰত তেওঁ ১৯৬৯ চনৰ ১ জানুৱাৰী বুলিহে উল্লেখ আছে ৷একেদৰে ছেবা আৰু মণ্ডল প্ৰশিক্ষনৰ নথিতো মণ্ডল গৰাকীৰ বয়সৰ বিসংগতি থকা বুলি আৰ টি আই কৰ্মী জনে অভিযোগ উত্থাপন কৰে ৷লাট মণ্ডল গৰাকীৰ এই বয়স জালিয়াতিৰ সন্দৰ্ভত যোৱা ২৯ জানুৱাৰীত ছিপাঝাৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল ৷উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৪০৬/৪৬৮/১২০ বি/৩৪ ধাৰাৰ অধীনত ৪৮/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰে যদিও লাট মণ্ডল গৰাকীৰ বিৰুদ্ধে বিগত দিনত কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ তুলিছে গোচৰীয়া আৰ টি আই কৰ্মী গৰাকীয়ে ৷ইপিনে লাট মণ্ডল শংকৰ শৰ্মাই ঘোচ নাপালে ৰাইজৰ কাম নকৰে বুলিও অভিযোগ তোলে আৰ টি কৰ্মী গৰাকীয়ে ৷ দুৰ্নিতী বিৰোধী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই গৰাকী কৰ্মচাৰীৰ জালিয়াতি সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষনীয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છોટાઉદેપુરના ચિસાડીયા ગામે બંધ ઘરમાં આગ લાગી
છોટાઉદેપુરના ચિસાડીયા ગામે બંધ ઘરમાં આગ લાગી
મેરેથોન પર બ્રેક : અમદાવાદ પોલીસ હાફ મેરેથોન હવે ગણેશ વિસર્જન બાદ યોજાશે
વડાપ્રધાન નરેન્દ્ર મોદીની અમદાવાદ મુલાકાતને લઈને સુરક્ષા અને ટ્રાફિક વ્યવસ્થામાં કોઈ કમી ન સર્જાય...
युवा राष्ट्रवादी कांग्रेस की तरफ से औरंगाबाद में जोरदार आंदोलन.
युवा राष्ट्रवादी कांग्रेस की तरफ से औरंगाबाद में जोरदार आंदोलन.
MP school news- कक्षा 5वीं एवं 8वीं वार्षिक परीक्षा के निर्देश जारी
म.प्र. राजपत्र दिनांक 02.03.2019 अनुसार निःशुल्क और अनिवार्य बाल शिक्षा का अधिकार अधिनियम 2009...
મેળામાં દર્શનાર્થીઓ માટે કરાયેલ વ્યવસ્થાઓનું નિરીક્ષણ કર્યુ
મેળામાં દર્શનાર્થીઓ માટે કરાયેલ વ્યવસ્થાઓનું નિરીક્ષણ કર્યુ