ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণিত পুৱতি নিশা NL 02Q 3514 নম্বৰৰ এখন ইণ্ডেন গেছ পৰিবাহী ট্ৰাকৰ পৰা অবৈধ ভাৱে গেছ কৰ্তন কৰি থকা সময়তে ৰাইজৰ সহযোগত মৰাণ আৰক্ষী থানাৰ এটা দলে অভিযান চলাই ট্ৰাকখনৰ লগতে শ শ ছিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় যদিও ৰন্ধন গেছৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত চোৰ কেইটাৰ লগতে ট্ৰাক চালকে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

বিগত কেইবামাহ ধৰি ৰন্ধন গেছৰ চোৰাং ব্যৱসায় কৰা চোৰ কেইটাই স্থানীয় ৰাইজক ভয় ভাবুকিৰে এই চোৰাং ব্যৱসায় চলাই আছিল বুলি স্থানীয় ৰাইজৰ অভিযোগ।

উল্লেখনীয় যে, যি সময়ত ৰন্ধন গেছৰ বৰ্ধিত মূল্যই ৰাইজক জ্বলাকলা খুৱাইছে সেই সময়তে একাংশ দুস্কৃতিকাৰীয়ে ৰন্ধন গেছৰ পৰা অবৈধ ভাৱে গেছ কৰ্তন কৰি গ্ৰাহকক মাধমাৰ সোধাই আহিছে।