মৰাণৰ তিনিটা পৰিয়ালৰ দুৰ্দশা। এটা পৰিয়ালৰ ভুল সিদ্ধান্তৰ বাবে ভুগিছে চুবুৰীয়া বহুজনে।পাকঘৰ , শৌচাগাৰ, মূৰ্গীগড়াঁল, গোহালি, আদি সকলোতে কৃত্ৰিম পানীৰ ফলত বিপদত পৰিছে মৰাণৰ তিলৈজাঁন কাচমাৰি গাঁৱৰ পৰিয়াল কেইটা। 

  তপন সুতবংশীয়ে নিজৰ বাসগৃহলৈ যোৱা পথটো বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰিছিল। নিৰ্মাণ কৰোতে ঘৰৰ সন্মুখত থকা জানটো নীতিবৰ্হিভূতভাৱে ভেটি 

পেলালে । এতিয়া বাৰিষা হলেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে দাঁতি-কাষৰীয়া পৰিয়াল লোকে। 

 ভুক্তভোগী বৰুন সুতবংশীয়ে টিংখং বিধানসভা সমষ্টিৰ কেকুৰী গাওঁ পঞ্চায়তৰ সভাপতিৰ সৈতে বিষয়টোৰ সন্দৰ্ভত যোগাযোগ কৰিছিল যদিও কোনো ফল নাপালে। অৱশেষত সাংবাদিকক সহায় কৰিবলৈ আহ্বান জনাইছে

।