অসম চাহ মজদুৰ সংঘৰ প্ৰতিষ্ঠা দিৱস পালন

অসম চাহ মজদুৰ সংঘৰ ৬৬ সংখ্যাক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে সোণাৰি উদযাপন কৰা হয়। অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ উদ্যোগত শাখা সংঘৰ প্ৰাংগণত আয়োজন কৰা প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উপ সভাপতি সুশীল গোৱালাই। ইয়াৰ পিছত অনুষ্ঠিত হোৱা স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শাখা সংঘৰ উপ সভাপতি আঘনো ঘটোৱাৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিনৰ ভাগত বাগিচা সংঘৰ সভাপতি আৰু সম্পাদক সকলৰ মাজত এক আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু বাগিচাৰ মহিলা সকলৰ মাজত এক মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুপৰীয়া শাখা সংঘৰ উপ সভাপতি প্ৰকাশ নন্দৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে অসম চাহ মজদুৰ সংঘৰ প্ৰতিষ্ঠা কালৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰখাৰ লগতে বিপৰীত পৰিস্থিতিত চাহ শ্ৰমিক সকল ঐক্যবদ্ধ হৈ থকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ দিয়ে। ভাষণ প্ৰসংগত সম্পাদক নাগে অহা ১১ আগষ্টত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে সংঘৰ প্ৰতিখন বাগিচা গোটৰ উদ্যোগত সংঘৰ ১৬ দফীয়া দাবীক লৈ ৰূপায়ন কৰিব লোৱা দাবী দিৱসৰ বাবে ব্যাপক প্ৰস্তুতি চলাবৰ বাবে উপস্থিত সকলোকে আহ্বান জনায়। সভাত দিনৰ ভাগত অনুষ্ঠিত হোৱা আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয়।