স্বাধীনতা দিৱসৰ প্ৰাক মুহুৰ্তত ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ নিচেই কাষতে চোৰৰ টিঘিল ঘিলনি । আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই থানাৰ সন্মূখৰ মাছ বজাৰৰ পৰা এটা দমকল, আৰক্ষী থানাৰ পৰা প্ৰায় ৬০০ মিটাৰ দূৰত্বৰ ভিতৰত খোৱাং ঘাটৰ পৰা ৰাজহুৱা ৩ টা দমকল আৰু খোৱাং জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পৰা ৩ টা দমকল নিশা চুৰ কৰি নিয়ে চোৰে । ইতিমধ্যে, খোৱাং জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা চুৰি সংক্ৰান্তত থানাত এজাহাৰ দাখিল কৰিছে । আনহাতে, খোৱাং বকুলতল নিবাসী বাটছু দে'ৰ ঘৰৰ বাৰান্দাৰ পৰা বস্তাত ভৰাই থৈ দিয়া প্ৰায় ২০ হাজাৰ টকাৰ মূল্যৰ তামোল চোৰে লৈ যোৱা জানিব পৰা গৈছে ।