শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ শেনছোৱা গাঁৱৰ নিবাসী অংকুৰ দাস নামৰ চোৰটো তিনিচুকীয়াৰ পৰা নিজৰ পৰিয়াল সহ এখন বাহনত নিজৰ গৃহলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে মৰাণত গ্ৰেপ্তাৰ কৰে।

কিছুদিন পূৰ্বে যোৰহাট জিলাৰ টিয়কত সংঘটিত হোৱা চুৰি কাণ্ডত জড়িত থকাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা চোৰ অংকুৰ দাসে।

যোৰহাট আৰু মৰাণ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উজনি অসমৰ বহুকেইখন জিলাৰ আৰক্ষীৰ নিদ্ৰা হৰন কৰা চোৰটোক।

যোৰহাট আৰক্ষীয়ে নিশাই টীয়কৰ চুৰিকাণ্ডৰ সংক্ৰান্তত চোৰটোক নিজৰ জিম্মাত লৈ গৈছে। পৰৱৰ্তী সময়ত মৰাণৰ ঘটনাৰ সম্পৰ্কে চোৰটোক মৰাণ আৰক্ষীৰ জিম্মাত দিব।

বিগত দিনকেইটাত মৰান আৰু দাঁতি-কাষৰীয়া অঞ্চলত সংঘটিত কাণ্ড সমুহৰ অধিকাংশ এই চোৰটোৱে কৰা বুলি জানিব পৰা গৈছে। 

অকল মৰানেই নহয় এই চোৰটোৱে ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট, সোনাৰীকে ধৰি বিভিন্ন ঠাইত সংঘটিত হোৱা চুৰি কাণ্ডৰ বহুকেইটা চোৰিৰ ঘটনাত জড়িত আছে বুলি এক বিশেষ সুত্ৰে জানিব পৰা গৈছে।