অমৃত ভাৰত স্টেচন আচঁনিৰ অধিনত ভাৰতবৰ্ষৰ ৫০৮ আৰু ৰাজ্য ৰ ৫০ স্টেচনক আধুনিক পদ্ধতিৰে আটক ধুনিয়া আৰু যাত্ৰী সকলৰ বাবে সুবিধাজনক কৰাৰ উদ্দেশ্য লোবা পদক্ষেপৰ ক্ৰমত ৰহাৰ চাপৰমুখ জংচনকো অমৃত ভাৰত আচঁনিত অন্তৰ্ভুক্ত কৰি আজি চাপৰমুখ জংচনত দিনৰ ৯.৩০বজাৰ পৰা আৰম্ভ হোবা সমাৰোহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ পৰা ভিডিঅ কনফাৰেঞ্চ ৰ জৰিয়তে বুটাম টিপি আচঁনিৰ শুভাৰম্ভ কৰাৰ লগতে দেশবাসীক সম্বোধন কৰাৰ লগতে ভিডিঅ কনফাৰেঞ্চ ৰ জৰিয়ে আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰিব লগিয়া ৰেলৱ স্টেচনৰ মোডেল দেখুবা হয়।
মন্ত্ৰী কেশৱ মহন্তৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত মন্ত্ৰী মহন্তয়ে ভিডিঅ কনফাৰেঞ্চত অংশ গ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ ৰ প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে।
সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হোবা অনুষ্ঠানত মন্ত্ৰী মহন্ত ৰ লগত প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁসাই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰুপক শৰ্মা,ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস সহ ৰেলৱ বিভাগৰ বিষয়া,কৰ্মচাৰী,ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মী,বিদ্যাৰ্থী লগতে শতাধিক স্থানিয় ৰাইজ উপস্থিত থাকে।