ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা প্ৰাঙ্গণত থকা ভিডিপি ভৱনত আজি দেওবাৰে দিনৰ ১১-৩০ বজাত স্বাধীনতা দিৱসৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভাঅনুষ্ঠিত হৈযায়।নাগৰিক সমিতিৰ সভাপতি পৱিত্ৰ চুতীয়াৰ সভাপতিত্ত্বত অনুষ্ঠিত সভাত কমিটিৰ সম্পাদক তথা মৰাণ আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পঙ্কজ উপাধ্যায়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ।সভাত বিশিষ্ট ব্যৱসায়ীওমপ্ৰকাশ গাৰডীয়া,সমাজকৰ্মী মিলু খান , মোহনলাল উপাধ্যায় , আছাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেবেন ওৰাং , মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ূৰ বৰুৱা, মৰাণ শান্তি কমিটিৰ সভাপতি খগেন ভৰালীকে প্ৰমুখ্যে কৰি বহু গণ্য মান্য লোক উপস্থিত থাকি বক্তব্য ৰাখে। সভাত আগন্তুক স্বাধীনতা দিৱসত সকলো ব্যৱসায় প্ৰতিস্থান আৰু নিজ নিজ গৃহত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ ৰাইজক আহ্বান জনোৱা হয়। সভাত মৰাণ অঞ্চলত সঘনাই হোৱা চুৰি কাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এপিডিচিএল আৰু অসম গেছ কোঃৰ কৰ্মচাৰী সকলক পৰিচয় পত্ৰ প্ৰদান কৰাৰো আলোচনা কৰা হয়।
মৰাণ ভিডিপি ভৱনত মৰাণ আৰক্ষী থানাৰ নাগৰিক সমিতিৰ স্বাধীনতা দিৱসৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত
