ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভগামুৰত বুঢ়ীদিহিঙ নদীৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে প্ৰায় শতাধিক পৰিয়ালৰ মাজলৈ। স্থানীয় বিধায়ক তথা মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ তৎপৰতাত আৰু জলসম্পদ বিভাগে প্ৰায় পাঁচশ মিটাৰমান জিঅ বেগেৰে ৰিংবান্ধটো খহনীয়াৰ ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও নিৰ্মাণৰত ৰিংবান্ধৰ পৰা প্ৰায় দুই কিলমিটাৰ দুৰৈত প্ৰায় নশমিটাৰ পুনৰ নদীৰ খহনীয়া সৃষ্টি কৰাত চিন্তিত হৈছে দুখনকৈ গাঁৱৰ ৰাইজে। উল্লেখযোগ্য যে যদি এই বছৰৰ ভিতৰত উক্ত অঞ্চলতো যদি জলসম্পদ বিভাগে সেই স্থানটো খহনীয়া ৰোধৰ চেষ্টা নকৰে তেন্তে অগন্তুক দিনত পানীৰ তলত থাকিব লাগিব প্ৰায় শতাধিক পৰিয়ালৰ লগতে কেইবাহাজাৰ বিঘা কৃষিভূমি। ইতিমধ্যে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয় ভগামুৰ বাসীক কথা দিছে যে খৰালি কালত উক্ত স্থানত খহনীয়া ৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব